ইউ.এ.ই.ৰ চিনোফাৰ্মৰ প্ৰ’টিন-আধাৰিত ভেকছিনক বুষ্টাৰ পালি হিচাপে অনুমোদন

Pc Times Of India

ইউ.এ.ই.ৰ চিনোফাৰ্মৰ প্ৰ’টিন-আধাৰিত ভেকছিনক বুষ্টাৰ পালি হিচাপে অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা- ইউ.এ.ই.-য়ে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ছিনোফাৰ্মৰ প্ৰ’টিন-আধাৰিত কোভিড-১৯ ভেকছিনক অনুমোদন জনাইছে আৰু এই ভেকচিন জানুৱাৰী ২০২২ৰ পৰা বুষ্টাৰ পালি হিচাপে ৰাইজৰ বাবে উপলব্ধ হ’ব, দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয়। এই অনুমোদন ইউ.এ.ই.-আধাৰিত এক অধ্যয়নৰ পিছত আহিছে য’ত আগতে চিনোফাৰ্ম চি.এন.বি.জি.-ৰ (চাইনা নেচনেল বায়োটেক গ্ৰুপ) নিষ্ক্ৰিয় ভেকছিনৰ দুটা পালিৰ টিকাকৰণ কৰা ব্যক্তিসকল অন্তৰ্ভুক্ত আছিল বুলি ইয়াত যোগ দিয়া হৈছে।