ইউক্ৰেইন বিষয়ত ভাৰতৰ সন্তুলিত, স্বতন্ত্ৰ দৃষ্টিভংগীক স্বাগতম জনাইছো: ৰাছিয়া

pc swarajya

ইউক্ৰেইন বিষয়ত ভাৰতৰ সন্তুলিত, স্বতন্ত্ৰ দৃষ্টিভংগীক স্বাগতম জনাইছো: ৰাছিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইন সংকট সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত ভাৰতে “শান্ত আৰু গঠনমূলক কূটনীতি”ৰ প্ৰয়োজন বুলি কোৱাৰ পিছত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে টুইট কৰি কয়, “আমি ভাৰতৰ সন্তুলিত, নীতিগত আৰু স্বতন্ত্ৰ দৃষ্টিভংগীক স্বাগতম জনাইছো।” ভাৰতে এইটোও কৈছিল যে যিকোনো পদক্ষেপবৰ্ধিত উত্তেজনা পৰিহাৰ কৰিব লাগে। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে ইয়াৰ সীমান্তৰ ওচৰত প্ৰায় ১,০০,০০০ সৈন্য ৰাখিছে।