ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিদ্যাৰ্থীসকলে ভাৰতত ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিব পাৰে: এনএমচি

pc. Onmanorama

ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিদ্যাৰ্থীসকলে ভাৰতত ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিব পাৰে: এনএমচি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) কৈছে যে যুদ্ধৰ ফলত ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতি অহা চিকিৎসা বিদ্যাৰ্থীসকলে বিদেশী চিকিৎসা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভাৰতত তেওঁলোকৰ ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিব পাৰে। “এই বিদেশী চিকিৎসা স্নাতকসকলে সন্মুখীন হোৱা যন্ত্ৰণা আৰু চাপৰ কথা বিবেচনা কৰি, ভাৰতত ইণ্টাৰ্নশ্বিপৰ বাকী অংশ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ আবেদন যোগ্য বুলি বিবেচনা কৰা হয়,” এনএমচিয়ে লগতে কয়।