ইউক্ৰেইনৰ চুমিত আৱদ্ধ হৈ থকা ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ

pc Mint

ইউক্ৰেইনৰ চুমিত আৱদ্ধ হৈ থকা ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নিশ্চিত কৰিছে যে ইউক্ৰেইনৰ চুমি চহৰত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্ত্ৰীজনে কয়, “যোৱা নিশা মই নিয়ন্ত্ৰণ কক্ষৰ সৈতে পৰীক্ষা কৰিছিলো, ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থী চুমিত বাকী আছিল। আজি, তেওঁলোক সকলোৱে পল্টাভাৰ বাবে বাছত ৰাওনা হৈছে।” ৰাছিয়াই চুমিকে ধৰি পাঁচখন চহৰত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত এইটো খবৰ আহিছে।