ইউক্ৰেইনৰ ওপৰত সাম্ৰাজ্যবাদী ৰাছিয়াৰ মিলিটাৰী আক্ৰমণৰ প্ৰতিবাদ এছইউচিআইৰ

ইউক্ৰেইনৰ ওপৰত সাম্ৰাজ্যবাদী ৰাছিয়াৰ মিলিটাৰী আক্ৰমণৰ প্ৰতিবাদ এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এটা বিশেষ সেনা অভিযান’ৰ নামত ইউক্ৰেইনৰ ওপৰত সাম্ৰাজ্যবাদী ৰাছিয়াৰ মিলিটাৰী আক্ৰমণৰ প্ৰতিবাদত  এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত ৰাজ্যৰ বিভিন্ন জিলা সদৰত প্ৰতিবাদী বিক্ষোভ সমাৱেশ অনুষ্ঠিত হয় ।এই প্ৰতিবাদ গুৱাহাটীৰ উপৰিও কৰিমগঞ্জ , শিলচৰ, মঙলদৈ ,নলবাৰী,ধুবুৰী হাটশিঙিমাৰী ,গোৱালপাৰা, হাইলাকান্দি,তেজপুৰ ,লখিমপুৰ ,মাজুলী আদি জিলা সদৰত অনুষ্ঠিত হয় । এই উপলক্ষে গুৱাহাটীত দিনৰ ভাগত দলৰ ভালে সংখ্যক কৰ্মী সমৰ্থক উলুবাৰীৰ ভলভো পইন্টত সমবেত হয় আৰু ইউক্ৰেইনত ৰাছিয়াৰ সেনা অভিযান বন্ধ কৰক ,পুঁজিবাদী সাম্ৰাজ্যবাদী শক্তি নিপাত যাওক ,দেশে দেশে যুদ্ধৰ দাৱানল সৃষ্টিকাৰী আমেৰিকান সাম্ৰাজ্যবাদ হুচিয়াৰ,যুদ্ধজোট নাটো ভাঙি দিয়ক, যুদ্ধৰ বিৰুদ্ধে বিশ্ব জনমত গঢ়ি তোলক ,  যুদ্ধ নহয় শান্তি লাগে আদি শ্লোগানেৰে বিক্ষোভ থলী উত্তাল কৰি তোলে।বিক্ষোভৰ অন্তত তাতেই এখন পথসভা অনুষ্ঠিত হয় ।সভাত বক্তব্য ৰাখে দলৰ অসম ৰাজ্যিক কমিটীৰ সদস্য কমৰেড অজিত আচাৰ্যই৷ কাৰ্যসূচীৰ শেষত দলৰ ৰাজ্যিক কমিটীৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে কয় যে বিভিন্ন দেশৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ বাবে আমেৰিকা আৰু ৰাছিয়ান সাম্ৰাজ্যবাদৰ মাজত থকা বিৰোধেই এই যুদ্ধৰ সৃষ্টি কৰিছে,যিটো বিশ্ব শান্তিৰ পক্ষে বিপদজনক । দুয়োখন সাম্ৰাজ্যবাদী দেশৰ ভিতৰত অস্বাভাৱিক নিবনুৱা সমস্যা,মূল্যবৃদ্ধি,ছাটাই,দাৰিদ্ৰতাআদি সমস্যাৰ বিৰুদ্ধে জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ মুখত পৰি জনগণৰ দৃষ্টি অইন ফালে ঘূৰাই দিয়াৰ উদ্দেশ্যে যুদ্ধ, যুদ্ধৰ উন্মাদনা আৰু উৎকট জাতীয়তাবাদৰ সৃষ্টি কৰিব বিচাৰিছে। তেওঁ ৰাছিয়া চৰকাৰৰ এই আক্ৰমণ বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে এই আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ বিশ্বৰ জনগণৰ প্ৰতি আবেদন জনায়।