ইউক্রেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থী

pc ZEE5

ইউক্রেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থী

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্রেইনৰ কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ একাংশ শিক্ষার্থী যুদ্ধৰ প্ৰাক্‌ক্ষণতে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হ’ল যদিও এতিয়াও বিভীষিকাময় পৰিস্থিতিত আবদ্ধ হৈ আছে ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্রী।ৰুছ সেনাই ইউক্রেইনক চৌদিশৰ পৰা ঘেৰি ৰখাৰ সময়তে বাংকাৰত সোমাই নিজকে ৰক্ষা কৰিব লগা হৈছে এইসকল ছাত্র-ছাত্রীয়ে৷ কাৰ্যতঃ যুদ্ধৰ বিভীষিকাৰ মাজত এতিয়াও বাংকাৰত আবদ্ধ হৈ আছে অসমৰ ৩৮ গৰাকী শিক্ষার্থী। খাদ্য সংকটৰ লগতে দুশ্চিন্তাত একপ্ৰকাৰ জৰ্জৰিত হৈ পৰা শিক্ষাৰ্থীসকলে আপোন দেশলৈ ঘূৰি আহিবলৈ একপ্ৰকাৰ হাবাথুৰি খাইছে। ইফালে ৰাছিয়াৰ আক্ৰমণ ক্ৰমাৎ তীব্ৰতৰ হোৱাৰ সময়তে ইউক্রেইনৰ বহু বাসিন্দাই নিজৰ আৰু পৰিয়ালৰ জীৱন বচাবলৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈ ঢাপলি মেলিছে। বিশেষকৈ দেশখনৰ সীমাত লাগি থকা পোলেণ্ডলৈ যাবলৈ একপ্ৰকাৰ দীঘলীয়া শাৰী আৰম্ভ হৈছে সীমাক্তত। অসমৰ শিক্ষার্থীসকলে ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ পোলেণ্ড, ৰোমানিয়া আদিলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে যদিও যুদ্ধৰ বাবে বাৰে বাৰে থমকি ৰ’বলগীয়া হৈছে। ভাৰতৰ বৈদেশিক ‘মন্ত্ৰালয়ে ভাৰতীয়সকলক যেনে-তেনে চুবুৰীয়া ৰাষ্ট্ৰত আশ্রয় ল’বলৈ আহ্বান জনাইছে। এই ৰাষ্ট্ৰসমূহৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ে আৰম্ভ কৰিছে কাম-কাজ। কিন্তু ভাৰতৰ এনে আহ্বানৰ পাছতো ইউক্রেইনৰ ভিন্ন প্রান্তত থকা সীমান্তলৈ যোৱাৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে।