ইংলেণ্ডৰ বিৰুদ্ধে হোৱা তৃতীয় টি-২০পাকিস্তান পৰাজিত

pc-ESPNcricinfo

ইংলেণ্ডৰ বিৰুদ্ধে হোৱা তৃতীয় টি-২০পাকিস্তান পৰাজিত

অনলাইল বাৰ্ত্তাসেৱা– ইংলেণ্ডে তৃতীয়খন টি-২০ত পাকিস্তানক পৰাস্ত কৰে তিনি উইকেটৰ বিনিময়ত। প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ছটা উইকেট হেৰুৱাই ১১৪ ৰাণ সংগ্ৰহ কৰে। দলটোৰ অপেনাৰ তথা উইকেটৰক্ষক বেটছমেন ৰিজৱানে ৫৭টা বলৰ সন্মুখীন হৈ তিনিটা ছয় আৰু পাঁচটা চাৰিৰে অপৰাজিতভাৱে ৭৬ ৰাণ সংগ্ৰহ কৰে যদিও দলৰ বাকীসকল বেটছমেন প্ৰায় ব্যৰ্থ হয়। মেচখনত বৃহৎ স্ক’ৰ থিয় কৰিবলৈ সুযোগ থকা সত্ত্বেও ১১৪ ৰাণতে সীমাবদ্ধ হৈ ৰয় পাকিস্তান। আনহাতে ইংলেণ্ডৰ হৈ আদিল ৰছিদে সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। ইংলেণ্ডৰ দুই অপেনাৰ জেছন ৰয় আৰু জছ বাটলাৰে প্ৰথম উইকেটৰ যুটিত ৬৭ ৰাণ সংগ্ৰহ কৰি দলৰ ভেটি মজবুত কৰি তুলিছিল। কিন্তু বাটলাৰ[২১] আৰু মালান [৩১]ৰ উইকেট পতনৰ পাছত দ্ৰুতগতিত উইকেট হেৰুৱাই সংকটত পৰিছিল ইংলেণ্ড দলটো। । মিডল অৰ্ডাৰত দ্ৰুত উইকেটৰ পতন ঘটিলেও পাকিস্তানে মেচখনত জয় সাব্যস্ত কৰিব নোৱাৰিলে। ১৯.৪ অভাৰত ইংলেণ্ডে ৭টা  উইকেট হেৰুৱাই মেচখনত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ হৈ মহম্মদ হাফিজে সৰ্বাধিক তিনিটা উইকেট দখল কৰে।

(R.T)