আৱেগিক বুদ্ধিমত্তা- পুলিন ডেকা

pc Cuna News- Credit Union National Association

আৱেগিক বুদ্ধিমত্তা

পুলিন ডেকা

মানুহৰ কৰ্ম আৰু যুক্তিক সর্বাত্মকভাৱে প্ৰভাৱিত কৰা বিষয়টো হৈছে আৱেগ। আৱেগক স্বনিয়ন্ত্রত কৰাটো অতিশয় জটিল আৰু মনস্তাত্ত্বিক বিষয়। মন আৰু মগজুক সংযোগ সাধনেৰে সুগভীৰ চিন্তাক প্ৰসাৰিত কৰাৰ দিশত আৱেগে বহুলাংশে প্ৰভাৱিত কৰে। ব্যক্তি আৰু সামাজিক আৱেগ দুটা সুকীয়া বিষয়। কিন্তু এই দুয়োটা বিষয়ত আৱেগে যেতিয়া স্বনিয়ন্ত্ৰণৰ ক্ষমতা হেৰুৱায় তেতিয়াই নেতিবাচক প্রভাৱবোৰে আত্মপ্রকাশ কৰে। আৱেগ কৰ্মৰ সৈতে সংযুক্ত। ইয়ে এগৰাকী ব্যক্তিৰ চৰিত্ৰ, কর্ম চেতনাক প্রকাশমুখী কৰি তোলে। আধুনিক জীৱন আজি চিত্ত চঞ্চল। চৌপাশে প্রতিযোগিতামুখী পৰিৱেশ। নিজকে সর্বোচ্চভাৱে উজাৰি দিয়াৰ বাবে যিবোৰ কৰ্মত জড়িত হ’বলগীয়া হৈছে, তাৰ সৰহভাগ কর্মই মানুহৰ মনন জগতক স্পৰ্শ কৰিব নোৱৰা বাবেই হতাশাই আচ্ছন্ন কৰিছে। যিবোৰ কৰ্মত চিন্তা আৰু ভৱিষ্যমুখী স্বপ্নক মূল প্রৱাহলৈ ৰূপান্তৰিত সাধন কৰিব পৰা নাযায়, তেনে দিশত সফলতাৰ দিশলৈ ধাৱমান হোৱাটো সম্ভব নহয়। কাৰণ সমাজৰ সৰহভাগ মানুহে আৱেগৰ বশৱৰ্তী হৈ জীৱনৰ পথত আগুৱাই যাব বিচাৰে। প্ৰতিগৰাকী ব্যক্তিয়ে সুস্থ আৰু সৱল জীৱন দৰ্শন গঢ়িবলৈ হ’লে, আবেগতকৈ বিকে সর্বাধিক গুৰুত্ব প্ৰদান কৰিবই লাগিব। কিন্তু এই আবেগ নিয়ন্ত্রিত কৰাটো সম্ভৱ নে?

যিসকল ব্যক্তিয়ে জীৱনৰ বাটত সাফল্যৰ শিখৰত আহৰণ কৰিবলৈ সক্ষম হৈছে, সেইসকল ব্যক্তিৰ মানসিক অভিব্যক্তিয়ে তেওঁলোকৰ কৰ্মত প্রত্যক্ষভাৱে প্ৰভাৱিত কৰে। তেওঁলোকে আৱেগতকৈ যুক্তি আৰু বিবেক অধিক প্রাধান্য দিয়াৰ বাবেই নিজস্ব স্বপ্নক সাৰ্থক কৰিবলৈ সক্ষম হৈছে। এয়া হৈছে আবেগিক বুদ্ধিমত্তাৰ প্ৰকাশ। উপলব্ধিৰ ক্ষমতা, সমস্যাক বুজা আৰু জীৱন ব্যৱস্থাপনা সম্পর্কত জ্ঞানৰ পৰিশীলিত ৰূপ আহৰণ কৰিব পৰাটোৱে হৈছে জীৱনৰ কলা। আৱেগক যেতিয়ালৈকে মনটোৱে পৰিচালিত কৰাৰ ক্ষমতা আহৰণ কৰিব নোৱাৰে, তেতিয়ালৈকে মানুহে জীৱনৰ প্ৰকৃত অর্থ উপলব্ধি কৰিব নোৱাৰে। আৱেগিক বুদ্ধিমত্তা এনে এক বিষয় যাৰ সৈতে নিজৰ আৱেগক স্বীকৃতি দিব পৰা ক্ষমতাৰ বিষয়টো জড়িত। আৱেগিক তথ্যবোৰে চিন্তা আৰু আচৰণক পৰিচালিত কৰে, বিভিন্ন চিন্তাক একত্ৰীতকৰণ কৰে আৰু ইয়ে মানসিক জগতখনত আৱেগিক পাৰিপাৰ্শ্বিকতাৰ সূচনা কৰে। জীৱনৰ ভিন্নমুখী ক্ষেত্ৰক সফলতালৈ নিয়াৰ দিশত আৱেগিক বুদ্ধিমত্তাই প্রত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰে। অভ্যন্তৰীণ অনুপ্ৰেৰণা, আত্ম সচেতনতা, মনঃঅনুকূলতা, সামাজিক দক্ষতা আৰু আত্মআইন গঢ়ি তোলাৰ দিশত আৱেগিক বুদ্ধিমত্তাই গতিশীল ভূমিকা গ্রহণ কৰে। প্ৰতিগৰাকী ব্যক্তিৰ অনুভৱ সুকীয়া। জীৱনৰ ভিন্নমুখী বাতাবৰণত লাভ কৰা অভিজ্ঞতা সুকীয়া। সেইবাবেই মানুহে নিজৰ মূল্যবোধৰ প্ৰকাশৰ জৰিয়তে জীয়াই থকাৰ ক্ষমতা আহৰণ কৰিব লাগে। আনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ মানুহে নিজৰ যুক্তি আধাৰিত বিচাৰ-বিবেচনাৰ ক্ষমতা আৰু অধিকাৰ ভোগ কৰিব পৰাটো হৈছে জীৱনৰ সাৰ্বভৌমত্ব। এজন ব্যক্তি কোন পর্যায়ত আছে, তেওঁৰ লগত কোন আছে, চৌপাশে কেনে ধৰণৰ ঘটনা সংঘটিত হৈছে, তেনেবোৰ বিষয়ে মানুহৰ সামগ্ৰিক সত্তাক প্রভাবিত কৰিব নোৱৰাটোৱে হৈছে আবেগিক সার্বভৌমত্ব। মানুহে নিজৰ যি আৱেগিক অভিজ্ঞতা আহৰণ কৰে তাৰ জৰিয়তে সৃষ্টি আৰু জীৱন ব্যৱস্থাপনা এটি শুদ্ধ ৰূপত গঢ়ি তুলিব পৰাটোৱে হৈছে স্বনিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ বিষয়। আবেগিক বুদ্ধিমত্তাক জাগ্রত কৰিব পৰা ব্যক্তিয়ে নিজৰ শক্তি, সামর্থ্যাতাক বিকশাই তুলি বহনক্ষম আৰু অৰ্থপূৰ্ণ জীৱনৰ দিশত পৰিৱৰ্তন সম্ভৱ কৰি তুলিব পাৰে।

মানুহে মানুহৰ বিষয়ে অবগত হয় কৰ্ম আৰু ব্যক্তি জীৱনৰ জৰিয়তে। আশাবাদৰ সন্ধান কৰিব নোৱৰা বাবেই মানুহে সমস্যাৰ পৰা পলায়ন কৰে। আৱেগক নিয়ন্ত্ৰিত কৰিব নোৱৰা বাবেই মানুহে কঠিন পৰিস্থিতিত দিশহাৰা হৈ পৰে। যিসকলে আৱেগক নিয়ন্ত্রণ কৰিব পাৰে, তেওঁলোকে কঠিন সময়তো সমস্যাৰ গভীৰতালৈ গৈ সমাহিতভাৱে তাৰ সমাধান কৰিব পাৰে। নিজৰ অভ্যন্তৰক সাধুতাৰে চাব পাৰিলে সঠিক সিদ্ধান্ত লোৱাটো সম্ভৱ হৈ পৰে। প্ৰতিগৰাকী ব্যক্তিৰে আৱেগিক বুদ্ধিমত্তাৰে পৰিচালিত হোৱাৰ ক্ষমতা থাকে। নিজৰ ভিতৰখন জুকিয়াই চোৱাৰ ক্ষমতা প্ৰতিগৰাকী ব্যক্তিৰে আছে। বহু মানুহে বিশ্বাস কৰে যে পেছাদাৰিত্ব সফলতা আৰু প্ৰযুক্তিগত দিশত আগুৱাই যোৱাৰ বাবে আৱেগিক বুদ্ধিমত্তাৰ প্রয়োজন। মানুহৰ ব্যক্তিত্বৰ যিদৰে সুকীয়া পৰিচয় থাকে, ঠিক একেদৰে প্ৰয়োজনীয়তাও সুকীয়া হয়। তেনেদৰে মানুহৰ আৱেগিক প্ৰক্ৰিয়াটো সুকীয়া ধৰণে আগবাঢ়ে। সেইবাবেই মানুহৰ জীৱনত আবেগিক বুদ্ধিমত্তাৰ অতিশয় প্রয়োজন। ডেনিয়েল গলমেনে আৱেগিক বুদ্ধিমত্তাৰ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দেখুৱাই দিছে। যিসকল ব্যক্তি আৱেগিক বুদ্ধিমত্তাৰে জীৱনটো পৰিচালিত কৰে তেওঁলোক আত্ম সচেতন। তেওঁলোকে নিজৰ আৱেগক বুজি পায় আৰু আনৰ দ্বাৰা নিয়ন্ত্রিত হ’বলৈ নিদিয়ে। তেওঁলোক আত্মবিশ্বাসী। নিজে আগুৱাই যোৱা ধাৰণাৰ ওপৰত প্ৰগাঢ় বিশ্বাস আছে। নিজৰ দুর্বলতা আৰু সবলতা সম্পৰ্কত জ্ঞাত হয় আৰু যিবোৰ দিশত পাৰদৰ্শিকতা দেখুওৱাৰ পূৰ্ণ সম্ভাৱনা থাকে তেনেবোৰ দিশেৰে আগুৱাই যায়। যিসকল ব্যক্তিয়ে আত্মঅনুশাসন মানি চলিব পাৰে, তেওঁলোকে খং অথবা ঈৰ্ষাৰ বলি হ’বলগীয়া নহয়। আৱেগৰ জৰিয়তে তেওঁলোকে সিদ্ধান্ত ল’ব নিবিচাৰে। যিকোনো কর্ম কৰাৰ আগতে খুব গভীৰতালৈ গৈ তাক পর্যালোচনা কৰে। আৱেগিক বুদ্ধিমত্তাৰে কাম কৰিব বিচৰা ব্যক্তিয়ে অনুপ্ৰেৰণাৰ উৎস হ’ব বিচাৰে। তাৎক্ষণিক ফলৰ পৰিৱর্তে দীর্ঘকালীন সময়ত সফলতা বিচাৰে। এইসকল ব্যক্তিয়ে উৎপাদনশীলতাত গুৰুত্ব দিয়াই নহয়, প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ সাহস থাকে। অনুভূতিশীলতা অবিহনে এগৰাকী ব্যক্তিয়ে আবেগিক বুদ্ধিমত্তাক শক্তিশালী কৰিব নোৱাৰে। আনৰ অনুভূতিক স্বীকৃতি দিব পৰাটো হৈছে জীৱনৰ অন্যতম কলা। ইয়ে মানবীয় সম্পর্কৰ্ক প্ৰগাঢ় কৰি তোলে। অতি উচ্চ আবেগিক দক্ষতা অবিহনে আবেগিক বুদ্ধিমত্তা বিকশাই তোলাটো সম্ভৱ নহয়। সামাজিক নেতৃত্ব প্রদান কৰিব লাগিলে এনে ক্ষমতা আহৰণ কৰিবই লাগিব।

কৰ্ম আৰু অনুভৱ সম্পৰ্কত সচেতন হ’ব নোৱাৰিলে আৱেগিক বুদ্ধিমত্তাক বিশাই তুলিব পৰা নাযায়। আমি নিজৰ লগতে আনৰ অনুভৱক বুজিবলৈ প্ৰয়াস কৰা উচিত। নিজৰ আৱেগক যিদৰে স্বীকৃতি, বুজাবুজি আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজন ঠিক একেদৰে আনৰ আৱেগক স্বীকৃতি, বুজিবলৈ প্রয়াস কৰাৰ লগতে প্ৰভাৱিত কৰাৰ ক্ষমতাও আহৰণ কৰিব লাগিব। আৱেগ যিহেতু ব্যৱহাৰৰ দ্বাৰা প্রকাশিত, সেইবাবে কৰ্মত তাৰ ইতিবাচক অথবা নেতিবাচক দিশ উদ্ভাসিত হোৱাটো নিতান্তই স্বাভাৱিক। আবেগে আমাক চিন্তা কৰিবলৈ সুযোগ দিয়ে, মানুহক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দিয়ে আৰু নিজৰ দক্ষতা প্রকাশৰো সুযোগ দিয়ে। সেইবাবে আৱেগক বুজা আৰু পৰিচালিত কৰাৰ ক্ষমতা আহৰণ কৰিব পাৰিলে ব্যক্তি আৰু পেছাদাৰিত্ব জীৱনত সফলতা কঢ়িয়াই অনাটো উজু হৈ পৰে।