“আৱেগক নিয়ন্ত্ৰণ কৰক” – কল্পনা দত্ত

pc eLearning Industry

         এখন পৰিষ্কাৰ বুলি দাবী কৰা ঘৰটো গৃহস্থই গম নোপোৱাকৈ কিছুমান দূষিত, ধূলি-মাকতি বা লেতেৰা বস্তু সোমাই থাকে। ঠিক তেনেকৈ সৎ মনোভাবৰ মাজতো খং, হিংসা, দুখ, উদ্বিগ্নতা আদিয়ে মনটো প্ৰদূষিত কৰি ৰাখে আৰু স্বাস্থ্যৰ ক্ষতি কৰে। মানৱ শৰীৰটো মনৰ দ্বাৰা পৰিচালিত হয় আৰু মনটো চালিত হয় আৱেগৰ দ্বাৰা। আমি সেয়ে কিছুমান আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। যেনে— খং বা ক্রোধ আমাৰ চেতন মনৰ অতি ভয়ানক আৱেগ। ই সদায় নিজৰ লগতে আনৰো ক্ষতি কৰে।

      প্ৰতিটো মানৱ শিশু পৃথিৱীত ভৰি দিয়েই কান্দে। এই কান্দোনৰ অপেক্ষাত থাকে পৰিয়ালৰ লোকসকল। মানৱ জীৱনৰ এইটোৱেই একমাত্র কান্দোন যি কান্দোনেই সকলোকে হুঁহুৱাব পাৰে। ইয়াৰ পিছৰ কান্দোন কাৰো কাম্য নহয় বাবে শিশুটিক মাকে নিচুকায়। ভাৰতীয় দৰ্শনৰ মতে এটা শিশুৱে কান্দি কান্দি আগমনৰ যি সংকেত দিয়ে তাৰ অৰ্থ হ’ল এই সংসাৰত মানৱে কান্দিবই লাগিব। কিন্তু ইয়াৰ পৰিসমাপ্তিত আছে আশাবাদ বা সুখবাদ। ইয়াৰ বাবে মানৱ জাতিক লাগিব সাহস, ধৈর্য, সততা, কর্মস্পৃহা ইত্যাদি গুণ।

      আনন্দদায়ক আৱেগসমূহ প্ৰেম, শ্রদ্ধা, স্মৃতি, আনন্দ বিশ্বাস, নিৰাপত্তা আদিয়ে মানসিক উৎকর্ষ সাধন কৰে। এইক্ষেত্ৰত পৰিৱেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমাৰ পঞ্চ ইন্দ্ৰিয়কে ধৰি মস্তিষ্কটো হৈছে চলন্ত অৱস্থাত থকা এটা কেমেৰা, এই কেমেৰাই অহৰহ সংগ্ৰহ কৰি থকা দৃশ্যৰাজিয়ে শিশুৰ মানসিকতা গঢ় দিয়ে ৷

     বেদনাদায়ক আৱেগসমূহে আমাৰ মানসিক আৰু শাৰীৰিক দিশত বিপৰীতধর্মী প্ৰভাৱ পেলায়। ইয়াৰ ইতিবাচক দিশটো হ’ল প্রফুল্ল চিওতা, ৰঙিয়াল অন্তৰ এখনে মহৌষধৰ দৰে কাম কৰে। আনন্দদায়ক আৱেগসমূহে জীৱনটো উপভোগ কৰাৰ শিক্ষা দিয়ে। প্রেম, শ্রদ্ধা, আনন্দ, বিনয়ী আদি গুণে মনৰ প্ৰদূষণ দূৰ কৰি জীৱনটো আনন্দদায়ক কৰি তোলে। আৱেগসমূহৰ মাজত সকলোৰে কাম্য হ’ল প্ৰেম। খং, ঈর্ষা, হিংসা, ভয়, আদিয়ে শৰীৰত নেতিবাচক প্রভাৱ পেলায়। নেতিবাচক আৱেগসমূহ সেয়েহে সদায় দমন কৰাৰ প্ৰচেষ্টাত থকা উচিত। কাৰণ বহু সময়ত আৱেগ নিয়ন্ত্ৰণৰ অভাৱত ‘Psycosomatic’ ৰোগে দেখা দিব পাৰে।

      মানুহৰ মনৰ আন এক আৱেগ হৈছে অহংকাৰ। অহংকাৰে মানুহক অন্ধ কৰি পেলায়। অহংকাৰ ত্যাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে। তদুপৰি কলা ধন স্পৰ্শ নকৰা, কাৰো প্ৰতি কটুবাক্যৰ প্ৰয়োগন কৰা আদিয়ে মনটো পৱিত্ৰ কৰি ৰাখে।

      মানুহৰ মনৰ পৰা দুখ-বেজাৰ আদি সম্পূর্ণ নোহোৱা কৰিব নোৱাৰি, মানুহেই একমাত্র প্রাণী যি হাঁহিব আৰু কান্দিব পাৰে। আমাৰ কৰ্মেন্দ্ৰিয়সমূহক নৈতিকতাৰ জৰীৰে বান্ধি ৰাখিব পাৰিলে অশান্তিৰ পৰিৱৰ্তে শান্তি লাভ কৰিব পাৰি।

     বাহিৰৰ প্ৰদূষণতকৈ মনৰ প্ৰদূষণে শৰীৰ, মন দুয়োটাকে অধিক ৰুগীয়া কৰি তোলে। প্ৰতিজন ব্যক্তিয়ে আত্মসংযম, আত্মবিশ্লেষণ, আত্মনিয়ন্ত্ৰণ আৰু আত্মবিশ্বাসক ঔষধ হিচাপে লৈ দূৰ কৰিব পাৰে মনৰ প্ৰদূষণ।

ফোন : ৯৭০৬৮-০৬৬৪৭