আৰ্থিকভাৱে সৱল লোকক ৰেচন কাৰ্ড ত্যাগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে

pc-twitter

আৰ্থিকভাৱে সৱল লোকক ৰেচন কাৰ্ড ত্যাগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে

ৰেচন কাৰ্ড বিহীন দুখীয়া লোক সকলক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিক ভাৱে সৱল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰ কৰিবলৈ বিনম্ৰ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস. তেওঁ কয় যে “যিসকল লোক আৰ্থিক ভাৱে স্বচ্ছল অৰ্থাৎ যাৰ বছৰেকীয়া আয় ১ লাখতকৈ অধিক বা যাৰ চৰকাৰী চাকৰি আছে বা যিসকল পেঞ্চনাৰ তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয় বুলি মই ভাৱো ৷ সেয়েহে মই বিনম্ৰতাৰে আৰ্থিক ভাৱে স্বচ্ছল প্ৰতিজন লোককে ৰেচন কাৰ্ড সমূহ স্ব-ইচ্ছাৰে পৰিহাৰ কৰি দুখীয়া ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছোঁ আৰু এনে কৰিলে চৰকাৰে পাঁচ লাখ নতুন দুখীয়া পৰিয়ালক ৰেচন কাৰ্ডৰ অধীনত সামৰি ল’ব পাৰিব বুলি কয়।

।“ তেওঁ  সকলোককে এই অভিযানৰ সহযোগী হৈ ৰেচন কাৰ্ড বঞ্চিত দুখীয়া সকলক সহায় কৰি ভাৰতৰ যুগদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ অন্ত্যোদয়া নীতিক বাস্তৱত ৰূপায়ন কৰাৰ বাবে একত্ৰে আগবাঢ়ৰ বাবে অনুৰোধ কৰে।এক সংবাদমেলত এই আহ্বান জনাইছে ন্ত্ৰীগৰাকীয়ে। ছচিয়েল মিডিয়াতো মন্ত্ৰীগৰাকীয়ে কৰিছে আহ্বান।একত্ৰে আগবাঢ়ো।