আৰক্ষী আৰু শিক্ষকৰ বাবে শিশুৰ অধিকাৰ সম্পৰ্কীয় প্ৰশিক্ষণ

pc-facebook

আৰক্ষী আৰু শিক্ষকৰ বাবে শিশুৰ অধিকাৰ সম্পৰ্কীয় প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ আৰক্ষী বিষয়া আৰু শিক্ষকৰ বাবে শিশুৰ অধিকাৰ সম্পৰ্কীয়  বিষয়ত এখনি প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উপস্হিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ড° পিলু হাজৰিকা, ৰূপা হাজৰিকা আৰু সমল ব্যক্তি ৰাজীৱ দত্ত । আয়োগৰ পৰামৰ্শদাতা দিব্যজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত শিশুৰ অধিকাৰ আইন বিষয়ত আয়োগৰ সদস্য ড° পিলু হাজৰিকাই সমল ব্যক্তি হিচাপে ভাষণ আগবঢ়ায়। শিক্ষাৰ অধিকাৰ আইনৰ বিষয়ত সমল ব্যক্তি ৰাজীৱ দত্তই ভাষণ দিয়ে। আকৌ শিশুৰ অধিকাৰ সুৰক্ষা বিষয়ত আৰক্ষীৰ ভুমিকা সম্পৰ্কে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাই ভাষণ আগবঢ়ায়। অনুস্থানত উপস্থিত থকা আৰক্ষী বিষয়া আৰু শিক্ষকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে উপস্থিত সমল ব্যক্তি সকলে । দিব্যজ্যোতি শৰ্মাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সমাপ্তি ঘটে।