আহিন – মাধুৰী শৰ্মা সভাপণ্ডিত

pc- A poetic dairy

আহিন

মাধুৰী শৰ্মা সভাপণ্ডিত

বতাহ জাকত গ’ম পালো
আহিন আহিল-
শেৱালি জোপাৰ গোন্ধত
আকুলি উঠিলো,
সপোন সৰা ৰাতি।
ঠোক মেলা ধাননি দৰাত
আহিনৰ গুণগুণনি।
নিয়ৰত তিতিলো
যেন চিত পখিলি।
আস আহিন আশাৰ কিৰণ
জোনাকৰ হাতবাউলি,
বাঁহীৰ সুৰত সাৰে আছে ৰাধা
আহিনৰ দুৱাৰেদি
দুৰ্গতিনাশিনীৰ
সবল নেত্ৰ
চৌ দিশে আশাৱৰী।