আলোচনা আৰু সমালোচনা – সংযুক্তা দত্ত

PC - Copyright User

আলোচনা আৰু সমালোচনা

-সংযুক্তা দত্ত,
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

এই শব্দ দুটা মানুহৰ মুখত বহুত শুনো আমি । মানুহ সমাজ প্ৰিয়। মানুহে এখন সমাজত থাকি ভাল পায় । এই সমাজ পাতি বাস কৰি থকা মানুহৰ মুখত দুটা শব্দ – আলোচনা আৰু সমালোচনা । কাৰোবাক লৈ মানুহেই আলোচনা কৰে আৰু আন কৰোৱাক লৈ মানুহেই সমালোচনা কৰে। এই আলোচনা আৰু সমালোচনা কেতিয়াবা ভালো হ’ব পাৰে আৰু কেতিয়াবা বেয়াও হ’ব পাৰে। আপোনাক লৈ যিয়ে ভালকৈ আলোচনা কৰে তেওঁক হয়তো আপুনি বহুত ভাল পায়। আৰু আমি সকলোৱে আমাক লৈ যিয়ে সমালোচনা কৰে তেওঁক টো আমি সকলোৱে বেয়া পাওঁ। হয় বেয়া পাবও লাগে । কাৰণ তেওঁ কামেই কৰে আমাৰ অন্তৰত দুখ দিয়া। আমাৰ অন্তৰত যিয়ে দুখ দিয়ে আমি জানো তেওঁক ভাল পাব পাৰোঁ। কিন্তু ভাল পাব লাগে । আপোনাক লৈ আলোচনা কৰা জনক যিমান ভাল পায়। আপোনাক লৈ সমালোচনা কৰা জনকো এবাৰ ভাল পায় চাব চোন। সদায় কিমান নিজৰ ভালটো শুনিব কেতিয়াবা কিন্তু নিজৰ বেয়াটোও শুনিব লাগে। কোনোবাই আপোনাক লৈ সমালোচনা কৰিলে গুৰুত্ব কেতিয়াও নিদিব। যদিহে আপুনি জানে আপুনি শুদ্ধ বুলি। তেতিয়া দেখিব আপোনাক লৈ কৰা সমালোচনাই আপোনাৰ অন্তৰত কেতিয়াও দুখ দিব নোৱাৰে। সমালোচনা কৰা ব্যক্তিক ভাল পাবলৈ শিকক। কাৰণ – আজি হয়তো আপুনি যিটো স্থানত আছে সেই স্থান কিন্তু সমালোচনা কৰা ব্যক্তিকেইজনে পাব পৰা নাই। আৰু নিজৰ লক্ষ্যত থিয় হৈ এবাৰ ধন্যবাদ দিব সেই সকলক যিয়ে এসময়ত সমালোচনা কৰিছিল। তেতিয়া কৰা সমালোচনাৰ কাৰণেই এদিন আপুনি সকলোৰে আলোচনাৰ ব্যক্তি হৈ পৰিব ।