আলোচনাৰে বিবাদ নিষ্পত্তি কৰিব লাগে: ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী সৈতে বৈঠকত জয়শংকৰ

আলোচনাৰে বিবাদ নিষ্পত্তি কৰিব লাগে: ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী সৈতে বৈঠকত জয়শংকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে তেওঁৰ ৰাছিয়াৰ সমকক্ষ চাৰ্গেই লাভৰভৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰে যে আলোচনা আৰু কূটনীতিৰ জৰিয়তে বিবাদৰ সমাধান কৰিব লাগে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ কেইসপ্তাহমান পিছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভ ভাৰত ভ্ৰমণত আহিছে। জয়শংকৰে হিংসা বন্ধ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আন্তৰ্জাতিক আইন, ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ আৰু ৰাজ্যসমূহৰ আঞ্চলিক অখণ্ডতাক সন্মান জনোৱাৰ কথা কয়।