আমি সদায় ভাল লগা কাম এটাকৈ হ’লেও প্ৰতিদিনে কৰিব লাগে- সংযুক্তা দত্ত

p.c.Holidify

আমি সদায় ভাল লগা কাম এটাকৈ হ’লেও প্ৰতিদিনে কৰিব লাগে

যান্ত্ৰিকতাৰ এই যুগত আমি আমাৰ ভাল লগা কিছুমান কাম কৰিবলৈ পাহৰি যাওঁ । আমি আজিকালি প্ৰায় শুনিবলৈ পাওঁ যে এই ব্যস্ততাৰ মাজত আমাৰ ক’ত ভাল লগা কাম কৰিবলৈ সময় হয়। আমি ব্যস্ততাৰ মাজতেই অলপ মান নিজৰ বাবে সময় উলিয়াই আমি আমাৰ মন পছন্দৰ যিকোনো কাম কৰিবলৈ যত্ন কৰিব লাগে। সেইয়া , এখন ভাল কিতাপ পঢ়াই হওঁক বা, ৰন্ধা-বঢ়া কৰাই হওঁক, ছবি অঁকাই হওঁক, লেখা- মেলা কৰাই হওঁক, বা মা-দেউতাক ঘৰৰ কিছুমান কামত সহায় কৰি দিয়াই হওঁক। আমি আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা নহয় অৰ্থা সদায়ই বিশেষ কৰি তোলাৰ চেষ্টা কৰিব লাগে। কাৰণ আজি কালি পঢ়া-শুনাটো সকলোৱেই কৰে। কাৰণ এতিয়া প্ৰতিযোগিতাৰ যুগ। দিনটোত অলপ সময় নিজৰ বাবে উলিয়াই নিজৰ ভাল লগা কামবোৰ কৰিব লাগে। কিয়নো আমাৰ এই কাম সমূহৰ দ্বাৰা আমি নিজক চিনি পাব পাৰো। আৰু সেই ভাল লগা কামবোৰ বা সময় বোৰ আমাৰ মনৰ স্মৃতিকোণত সজীৱ হৈ থাকে আজীৱন। সেই কামবোৰেই আমাৰ প্ৰত্যকটো দিন বিশেষ কৰি তোলে।

সংযুক্তা দত্ত