আমি সকলো পৰিস্থিতিৰ দাস – ৰাজীৱ তালুকদাৰ

আমি সকলো পৰিস্থিতিৰ দাস। অবাঞ্চিত পৰিস্থিতিয়ে আমাক কেতিয়াবা অস্থিৰ কৰিও তোলে। সময় বহু দূৰ আগুৱাই গ’ল। পুৰণি কথাবোৰ এতিয়া ভাবিলে উক্ মুক লাগি যায়। বুকুখন বিষায়। বৰ অসহায় অনুভৱ হয়।

জীৱৰ শ্ৰেষ্ঠ মানৱ। মিছা নহয়। সকলো জীৱৰ ভিতৰত মানুহে বহু ক্ষেত্ৰতেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে আৰু সেয়ে হয়তো মানুহ নামৰ জীৱবিধ পৃথিৱীৰ জীৱজগতৰ ভিতৰত শ্ৰেষ্ঠ। মানুহ সামাজিক প্ৰাণী। সমাজ পাতি একেলগে বাস কৰি ভাল পাই আৰু তেনেদৰেই পৃথিৱীৰ আদিম সভ্যতাৰ পৰা এতিয়ালৈকে বহু উত্থান পতানৰ মাজেৰে আগবাঢ়ি আহি আজিৰ এই সন্ধিক্ষণত উপনীত হৈছে। নিজৰ জ্ঞান, বুদ্ধি তথা সময়োপযোগী পৰিকল্পনাৰ জৰিয়তে এক অত্যাধুনিক সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ চুকে কোণে বিভিন্ন ভাষা ভাষী মানুহৰ বসতি। বহু দেশ-মহাদেশ। ক’বলৈ গ’লে এক বৃহৎ মানৱ সমাজ। প্ৰতিখন দেশৰ মানুহৰ খোৱাৰ ৰুচি, সাজ পোছাক তথা আচাৰ ব্যৱহাৰ সুকীয়া।

একবিংশ শতিকাৰ আজিৰ সময়চোৱাত মানৱ সভ্যতাই চুই নোযোৱাকৈ থকা এনে এখন দেশ নোলাব, য’ত শিক্ষা ব্যৱস্থা তথা এক সাংস্কৃতিক পৰিবেশ নাই। প্ৰতিখন দেশৰ আভ্যন্তৰীণ শাসন ব্যৱস্থা আছে, সেইয়াও নিশ্চয়কৈ মানুহৰ হিতৰ বাবেই সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত প্ৰতিখন দেশৰ মাজত এক নিৰ্দিষ্ট সন্তুলন বজাই ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰো আছে। তেনেক্ষেত্ৰত আজিৰ এই সময়ত মানৱৰ এনে বিপৰ্যয় বৰ আশ্চৰ্যকৰ, নহয়নে! সেইয়া বৰ পৰিতাপৰ কথা। সেই কথাৰ বিশ্লেষণ কোনো বিজ্ঞজনলৈ এৰিলো। সেই কথাৰ অৱতাৰণা কৰিব বিচৰা নাই।

কিন্তু বৰ্তমান আমি সময়ৰ এক জটিল সন্ধিক্ষণত আহি উপনীত হৈছোঁ। এই সময় বৰ দুঃসময়। আমি যথেষ্ট সচেতন হৈ যদি কথাবোৰ নাভাবো, তেতিয়া আৰু কোনো বিচাৰ বুদ্ধিয়ে হয়তো আমাক বচাব নোৱাৰে। আমাৰ কৰণীয় প্ৰতিটো কামেই প্ৰতিজনৰ মংগলৰ বাবে হ’ব লাগিব আৰু এই মংগল জীৱ জগতৰ আন আন জীৱসকলৰ বাবেও হ’ব লাগিব। আমাৰ প্ৰতিটো কথা আৰু কামে প্ৰকৃতিৰ সতে সহাৱস্থান কৰি প্ৰকৃতিৰ মংগলৰ বাবে কাৰ্যকৰী হ’ব লাগিব। আমি বহুক্ষেত্ৰত নিজেই নিজৰ বিচাৰকো হ’ব লাগিব । বিশেষকৈ আমি কৰা ইতিবাচক কামবোৰৰ স্বাৰ্থত।

আমাৰ অৱদান আৰু আমাৰ সপোন প্ৰকৃতিৰ কল্যাণৰ বাবেও উৎসৰ্গিত হ’ব লাগিব। এই কথাবোৰ বৰ আচহুৱা যেন লাগিব পাৰে, কিন্তু এইয়াই সত্য আৰু এইয়াই বৰ্তমান সময়ৰ আহ্বান।অন্যথা এক নিৰ্দিষ্ট বিনাশৰ দিশত আমি অচিৰেই সকলো হেৰাই যাম।