আমি বাৰু সুখীনে?-কবিতা শৰ্মা

Pc Psychology Today

আমি বাৰু সুখীনে?

কবিতা শৰ্মা ,
দিল্লী

আজি কিছুদিন আগতে মোৰ বান্ধবী এগৰাকীয়ে শ্বেয়াৰ কৰা এটা জীৱনমুখী ভিদিওই মোৰ অন্তৰত গভীৰ ভাবে সাঁচ বহুৱালে ৷ প্ৰায়ে ভবাৰ দৰে পুনৰ বাৰ ভাবিবলৈ বাধ্য হলো প্রকৃততে বাৰু সুখ কি ? সুখৰ পৰিভাষাই বা কি? সুখৰ বিষয়ে নিশ্চিত ভাবে কিবা কোৱাৰ আগতে সেই ভিদিও টোৰ বিষয় বস্তুৰ বিষয়ে কিছু কব বিচাৰিছো ৷

এবাৰ এটা চিনেমা ঘৰত দহমিনিট দৈৰ্ঘ্যৰ এখন চিনেমা মুক্তি পালে । কেইবাটাও জাতীয়, আন্তর্জাতিক পুৰস্কাৰ প্ৰাপ্ত চিনেমা খনক পৃথিৱীৰ শ্ৰেষ্ঠ চিনেমা হিচাপে ঘোষণা কৰা হৈছিল । এনে এখন ছবি চাবলৈ সকলো মানুহ আগ্ৰহী হৈ পৰিল । হল ভৰ্তি মানুহ। সকলোৱে উৎসুকতাৰে বাট চাই ৰ’ল চিনেমা আৰম্ভ হোৱালৈ । যথাসময়ত চিনেমা আৰম্ভ হ’ল। প্ৰথম দৃশ্যত দেখোৱা হ’ল এখন চিলিং । মানুহবোৰে মনোযোগেৰে চাবলৈ আৰম্ভ কৰিলে । সকলো উত্তেজিত পাছৰ দৃশ্য চাবলৈ । এক মিনিট .. দুই মিনিট .. গ’ল কিন্তু দৃশ্য সলনি নহল । মানুহবোৰে ভাবিলে .. কি হ’ল, দৃশ্য সলনি নহয় কিয় ? কিবা যান্ত্রিক বিজুতি ঘটিল নেকি? তিনি মিনিট ..ছাৰি মিনিট .. পাচ মিনিট গ’ল তথাপিও দৃশ্য সলনি নহ’ল । মানুহবোৰ এতিয়া অধৈৰ্য্য হ’ল, হতাশ হৈ পৰিল, আশে পাশে চাবলৈ আৰম্ভ কৰিলে, কিছু সংখ্যকে চিঞৰিবলৈ ধৰিলে । হ’ল কি ? ধেমালি নেকি? ছয়…সাত.. আঠ.. ন মিনিট গ’ল । তথাপিও দৃশ্য সলনি নহ’ল । মানুহবোৰৰ তেতিয়ালৈ ধৈৰ্য্যৰ বান্ধ হেৰাই গ’ল ৷ গালি শপনি, ভঙা-চিঙা আৰম্ভ হ’ল । বহুত মানুহ চিনেমা ঘৰ এৰি বাহিৰলৈ যাব আৰম্ভ কৰিলে । দহ মিনিট হ’ল । দৃশ্যপট সলনি হ’ল দেখা গ’ল এজন ডেকা মানুহ হস্পিতালৰ বিছনাত শুই ওপৰলৈ চাই আছে । এই দৃশ্য দেখি মানুহৰ মাজত নিস্তব্ধতা বিৰাজ কৰিলে। দৃশ্য পুনৰবাৰ সলনি হ’ল। চিলিঙৰ দৃশ্য আকৌ এবাৰ ঘূৰি আহিল । তাৰ তলত লেখা আছিল- চাওক, আপোনালোকে এই দৃশ্য দহ মিনিটো চাব নোৱাৰিলে । আপোনালোকৰ খং উঠিল, হতাশ হৈ পৰিল, নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱালে, চিঞৰিবলৈ আৰম্ভ কৰিলে, পলাব বিচাৰিলে । কিন্তু এই মানুহ জনে কেইবা বছৰৰ পৰা বিছনাত পৰি এই দৃশ্যকে চাই আছে আৰু আহিবলগীয়া কিমান বছৰ চাব লাগিব তাৰো কোনো নিশ্চয়তা নাই । কাৰণ তেওঁ বাধ্য । তেওঁ এনে এক বিৰল ৰোগত আক্ৰান্ত যে তেওঁ আপোনালোকৰ দৰে শৰীৰ টো লৰচৰ কৰিব নোৱাৰে, কথা কব নোৱাৰে উঠিব নোৱাৰে, বহিব নোৱাৰে, হাঁহিব নোৱাৰে, খং কৰিব নোৱাৰে, হতাশ হব নোৱাৰে,আনকি নিজৰ ইচ্ছাত দৃষ্টিও সলনি কৰিব নোৱাৰে । তেওঁ মাত্ৰ চাব পাৰে ৷ তেতিয়া হলে অলপ অনুভৱ কৰিবলৈ চেষ্টা কৰক এই মানুহজনৰ অনুভূতি, অস্থিৰতা, দুখবোৰৰ কথা । আপোনালোক বহুত বেছি ভাগ্যবান । নিজৰ ইচ্ছা অনুসৰি কথা কৈছে, খোজ কাঢ়িছে, খং কৰিছে, ধৈৰ্য্য হেৰুৱাইছে। সেইকাৰণে নিজৰ জীৱনৰ সমস্যা বা দুখবোৰ গনা বন্ধ কৰক, কাৰণ প্ৰকৃততে সমস্যানো কি, দুখ কি সেই বিষয়ে আপোনালোকে ধাৰণাও কৰিব নোৱাৰে । The end . চিনেমা শেষ হ’ল । যিমান মানুহ হলত আছিল সকলোৰে চকুত চকুলো । কোনোবাই নিজকে ভাগ্যবান বুলি ভাবি আনন্দত কান্দিছিল আৰু কোনোবাই সেই মানুহ জনৰ অস্থিৰতা, অসহায়তা, দুখবোৰ অনুভৱ কৰি কান্দিছিল।

বৰ্তমান সময়ত আমাৰ জীৱনত যি বস্তুৰ অতিকৈ অভাব সেয়াই হ’ল সুখ। প্রায় ভাগ মানুহেই আজি নিজৰ জীৱনত – নিজৰ নিজৰ যুক্তিত অসন্তুষ্ট। এই বস্তুবাদী পৃথিৱীত প্ৰতিযোগিতাৰ নিগনি দৌৰৰ মাজত থাকি সুখ প্ৰকৃততে নো কি সেই বিষয়ে আমি প্রায় ভাগেই কোনো ধাৰণাই কৰিব নোৱাৰা হৈ পৰিছো। সুখ এনে এটা বস্তু যাক পাবলৈ সকলো বলিয়া, কিন্তু বহু কম সংখ্যক লোকেহে ইয়াক পাবলৈ সক্ষম হয় । সুখ পৰিভাষিত কৰা যিমান কঠিন, তাতোকৈ কঠিন ইয়াৰ প্ৰাপ্তি ইয়াৰ কাৰণ এয়ে যে আমি সাধাৰণতে বৈষয়িক বস্তু, সফলতা-বিফলতা বা আমাৰ সম্পৰ্কৰ টেঙা-মিঠাবোৰৰ লগত ইয়াক সাঙুৰি পেলাওঁ । য’ত নেকি সুখ মনৰ এক অৱস্থাহে, যি আমাৰ নিজৰ লগতে আৰম্ভ হৈ নিজৰ লগতে শেষ হয়। প্রকৃততে সুখ মানব মনৰ এটা ভাব মাত্ৰ, যিয়ে জীৱনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে। ইয়াক শব্দৰে প্ৰকাশ কৰা সহজসাধ্য নহয়, ইয়াক কেবল অনুভৱ কৰিবহে পাৰি ৷ সুখৰ ধাৰণা যিয়েই নহওক লাগিলে, সুখ আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ। ইয়াৰ অবিহনে এজন ব্যক্তিৰ জীৱন জীওঁৱাৰ কোনো অর্থই নাই । প্ৰকৃততে সুখ আনন্দৰে এটা অৱস্থা । আমি যদি আনন্দৰ স্থিতিত থাকিবলৈ আমাৰ মগজুক প্রশিক্ষিত কৰোঁ, তেতিয়া হলে আমি তেনেকৈয়ে থকাতো শিকি পেলাম — কাৰণ আমাৰ মনে যি কয় আমাৰ মগজুৱে তেনেকৈয়ে ভাবিবলৈ আৰম্ভ কৰে। অৱশ্যে এয়া ইমান সহজ কথাও নহয় । আমি সময়ে সময়ে সুখ অনুভৱ কৰোঁ, কিন্তু সেই অৱস্থাত থাকি যাব পৰাকৈ নিজক প্ৰশিক্ষিত কৰাত মাহ বা বছৰো লাগি যাব পাৰে। তলত দিয়া ধৰণে আমাৰ কিছুমান অভ্যাসে সুখক আকৰ্ষিত কৰে আৰু ইয়াক আজীৱন স্থায়ী কৰি ৰাখিব পাৰে –

১ – সুখী হোৱাৰ মূল মন্ত্ৰই হৈছে আমাৰ মনৰ সন্তষ্টি। সৰু সৰু কথাত অধিক উৎসাহিত বা অধিক উদাস হোৱাৰ পৰিবৰ্তে আমি শান্তি আৰু সন্তুষ্টিৰ ভাবনাক সক্ৰিয় কৰি ৰখা উচিত । জীৱনলৈ অহা প্ৰতিটো স্থিতিতে আমি সন্তুষ্ট হৈ থকাতো অতি দৰকাৰ । আমাৰ ওচৰত যিখিনি নাই তাৰ বাবে দুখ কৰি থকাতকৈ যিখিনি আছে তাকেই বিশিষ্ট বুলি ভাবি ইশ্বৰক তাৰ বাবে ধন্যবাদ জনোৱা উচিত । জোতা নাই বুলি দুখ কৰি থকাতকৈ জোতা পিন্ধিবলৈ যে ভৰি দুখন আছে সেই কথা ভাবি আমি জানো সন্তুষ্ট হোৱা উচিত নহয়?

২- সুখী হোৱাৰ আন এটা উপায় হৈছে বৰ্তমানত জীয়াই থকা । আমি আমাৰ অতীতত কৰা ভুল বা আমি লোৱা ভুল সিদ্ধান্ত বোৰৰ বাবে নিজকে নিজে দোষী সজোৱাতো সমূলি বন্ধ কৰা উচিত । ভুল সকলোৰে হয়। কোনোৱেই সকলো কামতে সমানে কুশল নহয়। ঠিক তেনেকৈয়ে আমি আমাৰ আহিবলগীয়া দিনবোৰৰ বিষয়ে অধিক চিন্তা কৰি উদ্বিগ্ন হৈ থকাতো আমাৰ সুখৰ বাটৰ এক প্ৰধান অন্তৰায় । তাৰ সলনি বৰ্তমানত জীয়াই থাকক। জীৱনলৈ অহা প্ৰতিটো আনন্দৰ মুহূৰ্ত অবহেলা নকৰি উদযাপন কৰক ।

৩- সুখৰ আন এটা উপায় হৈছে সদায় সকাৰাত্মক হৈ থকা । আমাৰ বিচাৰে আমাৰ বাস্তবিকতা তৈয়াৰ কৰে । সকাৰত্মক মন আৰু বিচাৰে সকাৰত্মক বস্তুক আকৰ্ষণ কৰে আৰু নকাৰত্মক বিচাৰে নকাৰত্মক অনুভৱ আনে। সেইকাৰণে সুখ অনুভব কৰিবলৈ আপোনাৰ আশেপাশে থকা সকলোৰে বিষয়ে ভাল ভাবক । যিসকল লোকে আমাক সদায় নিৰুৎসাহিত কৰে তেনে লোকৰ পৰা আঁতৰত থাকি সকাৰত্মক বিচাৰৰ লোকৰ সৈতে সময় কটাৱক। নকাৰত্মক চিন্তা মনত লালন পালন কৰা, জীৱনৰ বেয়া পৰিস্থিতিৰ বাবে চিন্তিত আৰু উদ্বিগ্ন হৈ থকাতো সহজ। তাৰ সলনি আমাৰ জীৱনৰ ভাল কথা বোৰ আৰু সময় বোৰ মনত ৰখাৰ অনুশীলনে আমাৰ মনক নকাৰত্মকৰ পৰা সকাৰত্মক অৱস্থালৈ স্থানান্তৰিত কৰত সহায় কৰিব ।

৪- – সুখী হোৱাৰ আন এটা উপায় হ’ল কৃতজ্ঞ হোৱা ৷ আমাৰ জীৱনৰ সৰু – ডাঙৰ যি কোনো বিপদত বা আমাৰ জীৱনৰ বেয়া সময়ত আমাক সহায় কৰা প্ৰতিজন ব্যক্তিৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰা উচিত। অতীতৰ প্ৰতিটো ক্ষণ আৰু সঠিক নির্ণয়, যি আমাক আনন্দ দিয়ে সেয়া মনত পেলোৱা আৰু এনে সুখৰ ক্ষণ পোৱাৰ বাবে ভগৱানৰ ওচৰতো আমি কৃতজ্ঞতা প্রকাশ কৰা উচিত । কৃতজ্ঞতা প্রকাশে আমাৰ মনত অনাবিল আনন্দ দিয়ে যি আমাক সুখী হোৱাত সহায় কৰে ।

আমি জীৱনত প্ৰকৃত সুখ তেতিয়াহে পাম যেতিয়া আমি বুজি পাম যে সুখ আমাৰ নিজৰ মনৰ ভিতৰতে আছে যাক কোনো বাহ্যিক বস্তুৰ পৰা বা আনৰ সহায়ত উপলব্ধি কৰিব পৰা নাযায় ৷ সৃষ্টিকৰ্তাই সৃষ্টি কৰোঁতে সকলোকে নিজৰ নিজৰ সৌন্দর্য্য, বিশেষত্ব, সামর্থ্য, ক্ষমতা ইত্যাদি দিছে। সকলোৰে কিবা নহয় কিবা এটা ধনাত্মক দিশ আছে । গতিকেই বন্ধু বান্ধৱীসকল – “ Be yourself. Beauty begins the moment you decide to be yourself .” নিজৰ সত্বাক উপলব্ধি কৰি সুখী হোৱাতোৱেহে জ্ঞানী লোকৰ কাম ।