‘আমি গ্ৰামোদয় সম্ভৱ কৰি ৰাজ্যখনক সৰ্বোদয়ৰ দিশে ধাবিত কৰাত বৰঙনি যোগাম’–মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

‘আমি গ্ৰামোদয় সম্ভৱ কৰি ৰাজ্যখনক সৰ্বোদয়ৰ দিশে ধাবিত কৰাত বৰঙনি যোগাম’–মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ দাস

বাৰ্ত্তাসেৱা- ‘‘দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম উজলাই তুলিবলৈ হ’লে ৰাজ্যখনৰ সৰ্বদিশৰ বিকাশ হ’ব লাগিব। আমি অসমত গ্ৰামোদয় সম্ভৱ কৰি ৰাজ্যখনক সৰ্বোদয়ৰ দিশে ধাবিত কৰাত বৰঙনি যোগাম।” আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা, আয়ুক্ত হেমেন দাসকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহ সম্পৰ্কত অসম সচিবালয়ত অনুষ্ঠিত কৰা পৰ্যালোচনামূলক বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নৱ নিযুক্ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে কয়। উল্লেখযোগ্য যে কালি দপ্তৰ বিতৰণৰ পিছতেই মন্ত্ৰীগৰাকীয়ে আজি বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এই পৰ্যালোচনা সভাৰ আহবান কৰে।

বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ লগতে ইয়াৰ পৰিচালনা পদ্ধতি সম্পৰ্কত বিষয়াবৰ্গৰ সৈতে বাৰ্তালাপ কৰি তেওঁ আৰু কয় যে চৰকাৰৰ সদ্য সমাপ্ত কাৰ্যকালত ৰাজ্যখনৰ প্ৰতিটো খণ্ডৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন খণ্ডত যি উন্নয়নৰ গতি ত্বৰান্বিত হৈছিল, সেই গতি অহা পাঁচ বছৰটো নিৰৱ¿চ্ছন্নভাৱে আৰু পূৰ্বতকৈও অধিক সফলতাৰে আগুৱাই নিব লাগিব। ইয়াৰ বাবে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে সম্পূৰ্ণ দায়বদ্ধতা আৰু নিষ্ঠাৰে নিজ নিজ দায়িত্বত অৱতীৰ্ণ হ’বলৈও তেওঁ আহবান জনায়। ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰা গ্ৰাম্য অৰ্থনীতিৰ পৰিকাঠামো মজবুত কৰি আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আগন্তুক দিনত বলিষ্ঠ অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০২২ চনৰ ভিতৰত ‘সকলোৰে বাবে গৃহ’ প্ৰদানৰ স্বপ®ক বাস্তৱায়িত কৰাৰ অৰ্থে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনৰ বাসগৃহসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকত সদৰী কৰে। তেওঁ কয় যে কোভিড মহামাৰীৰ প্ৰত্যাহবান নেওচিও যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰি এই গৃহসমূহ নিৰ্মাণত অগ্ৰগতি প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে ৰাজমিস্ত্ৰী আৰু নিৰ্মাণৰ সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল’ব লাগিব।
আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ গ্ৰাম্য সংগঠন আৰু মণ্ডল পৰ্যায়ৰ সংগঠনসমূহৰ সমূহীয়া প্ৰচেষ্টাত ঠাই বিশেষে উপলব্ধ সম্পদৰ সুষম ব্যৱহাৰেৰে ‘এক জিলা এক ফচল’ৰ দৰে পদক্ষেপ গ্ৰহণৰ বাবেও মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি বেংক সখী, পশু সখী, কৃষি সখী আৰু জীৱিকা সখীসকলৰ সন্মিলন অনুষ্ঠিত কৰাৰো পোষকতা কৰে মন্ত্ৰী শ্ৰী দাসে। বিভাগৰ কাম-কাজ পৰিচালনা ব্যৱস্থা আৰু আঁচনি সম্পৰ্কত জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায়।
বৈঠকত বিভাগৰ প্ৰধান সচিবগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা সকলো আঁচনি তথা পৰিচালন প্ৰক্ৰিয়া সন্দৰ্ভত বিস্ত´তভাৱে ব্যাখ্যা আগবঢ়ায় আৰু বিষয়া-কৰ্মচাৰীসকলে বিভাগীয় মন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক নিৰ্দেশনাত পূৰ্ণ একাগ্ৰতাৰে সেৱা আগবঢ়াব বুলি মন্ত্ৰী শ্ৰীদাসক আশ্বাস প্ৰদান কৰে। বৈঠকত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কৃষ্ণা বৰুৱা, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক জুৰি দলে, অতিৰিক্ত আয়ুক্ত দিতীমণি পেগুৰ লগতে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।