আমি অসমীয়া…- নন্দেশ্বৰ মিলি

pc facebook

আমি অসমীয়া…

আমি অসমীয়া কিহৰনো দুখীয়া
চহকী জাতি-জনজাতি সংস্কৃতি-পৰম্পৰা।
বিচিত্ৰ সাজপাৰ,বিচিত্ৰ আচাৰ-ব্যৱহাৰ
বিচিত্র ভাষা-সাহিত্য,বিচিত্ৰ সংগীত-নৃত্য।
বড়োৰ দখনা,মিচিঙৰ ৰিঃবিঃ গাছেং
তিৱাৰ ছচকাই,ডিমাছাৰ ৰিগু-ৰিজাম্ফাই
কাৰ্বিৰ পিনি পেকক,বিহুত মুগাৰ মেখেলা-গামোচা পিন্ধি
আমি গঢ়োঁ ঐক্যৰ এনাজৰী।

মহাপুৰুষ শংকৰদেৱে নামঘৰ-সত্র পাতি
ভাওনা,বৰগীত,নাট,কীৰ্তন-ঘোষা ৰচি
আজান-ফকীৰে জিকিৰ-জাৰি লিখি
নকৈ গঢ়িলে বৃহত্তৰ অসমীয়া জাতি।

নন্দেশ্বৰ মিলি
8638881953