আমাৰ হাড় আৰু ইয়াৰ গঠন-যতীশ ৰঞ্জন পাটগিৰি

pc-livescience

আমাৰ হাড় আৰু ইয়াৰ গঠন

কেইবা মহলীয়া ঘৰক আমি আৰ চি চি বিল্ডিং বুলি কওঁ। ৰিইনফোৰৰ্চড চিমেন্ট কংক্রিতকেই সংক্ষিপ্তভাৱে আৰ চি চি বুলি কোৱা হয়। এনেকুৱা ঘৰ বা বিল্ডিঙৰ ভিতৰ ভাগটোত লোহাৰ ৰʼডৰ দ্বাৰা ফ্রেম বা কংকাল এটা বনাই লৈ তাৰ ওপৰত শিল, বালি আৰু চিমেণ্টৰ মিশ্ৰণ এটা ঢালি দিয়া হয়। প্ৰকৃততে লোহাৰ ৰʼডৰ দ্বাৰা তৈয়াৰী এই ফ্ৰেম বা কংকালটোৱেহে বিল্ডিংটোক শক্তিশালী কৰি থিয় হৈ ৰখাত বা ভাঙি পৰি নোযোৱাত সহায় কৰে। ঠিক তেনেদৰেই আমাৰ মানুহৰ শৰীৰৰ মাংসপেশীবোৰৰ ভিতৰ ভাগত হাড়ৰ দ্বাৰা গঠিত এনেকুৱা এটি জঁকা বা ফ্রেম থাকে যাক অসমীয়াত কংকাল বা নৰকংকাল আৰু ইংৰাজীত স্কেলিটন বোলা হয়। এই কংকালটোৱে আমাৰ শৰীৰটোক নির্দিষ্ট এটা আকৃতি দিয়াৰ উপৰি শৰীৰটোক শক্তিশালী কৰি থিয় হৈ থকাত বা বাগৰি নপৰাকৈ ৰখাত সহায় কৰে ৷ আমাৰ গোটেই শৰীৰটোৰ মাংসপেশীবোৰৰ ভিতৰত থকা কংকালটো ২০৬ ডাল হাড়ৰ সমষ্টি। কেঁচুৱা এটা জন্মপোৱাৰ সময়ত ইয়াৰ দেহত হাড়ৰ সংখ্যা কিন্তু ৩০০ ডাল থাকে আৰু সেই হাড়বোৰ সেই সময়ত কিন্তু বৰ কোমল হৈ থাকে। কেঁচুৱাবোৰ ডাঙৰ হৈ অহাৰ লগে লগে কিছু হাড় লগলাগি যায় আৰু অৱশেষত হাড়ৰ সংখ্যা ৩০০ৰ পৰা কমি গৈ ২০৬ ডাল হয়গৈ। এজন প্রাপ্ত বয়স্ক লোকৰ কংকালৰ মূৰটোত, অর্থাৎ লাউখোলাটোত ২৯ টুকুৰা হাড় থাকে। দুয়ো বাহু বা দুয়োখন হাতৰ প্ৰত্যেকখনতে ৩২ডালকৈ আৰু দুয়োখন ভৰিৰ প্রত্যেকখনতে ৩১ ডালকৈ হাড় থাকে। মেৰুদণ্ডডালত ২৬ টুকুৰা আৰু বুকুৰ অংশটোত ২৫ডাল হাড় থাকে। এই আটাইবোৰ মিলি মুঠ হাড়ৰ সংখ্যা ২০৬ডাল হয়গৈ। মানুহৰ দেহত থকা আটাইতকৈ দীঘল হাড়ডাল হ’ল উৰুত থকা হাড়ডাল। এই হাড়ডালক থাইবোন বা ফিমুৰবোন বোলে। দেহৰ আটাইতকৈ সৰু হাড়ডাল হ’ল কাণৰ ভিতৰ অংশত থকা অচ্চিকুলচ বোন। মানুহৰ গোটেই শৰীৰত থকা হাড়বোৰ ইডালৰ লগত সিডাল মাংসপেশীৰ দ্বাৰা নতুবা কোমোলান্থিৰ দ্বাৰা সংলগ্ন হৈ থাকে। যিটো অংশত হাড়বোৰ এনেদৰে সংলগ্ন হৈ থাকে সেই অংশটোক গাঁঠি ইংৰাজীত ‘জইণ্ট’ বুলি কোৱা হয়। এই গাঁঠি বা জইণ্টবোৰ সাধাৰণতে তিনিধৰণৰ। মূৰৰ হাড়বোৰৰ বা লাউখোলাটোৰ হাড়বোৰৰ ক্ষেত্ৰত, গাঁঠি বা জোৰাবোৰৰ কোনো লৰচৰ হোৱাৰ প্রশ্ন নাহে। সেয়ে এইধৰণৰ জোৰা স্থায়ী বাবে ইংৰাজীত ইয়াক ফিক্সড জইণ্ট বোলা হয়। কিলাকুটি বা হাতৰ জোৰাবোৰ আৰু আঁঠুৰ জোৰা এটা ফালেহে ভাঁজ লগাব পাৰি বা ঘূৰাব পাৰি, যেনে-হাতদুখন আগফালে আৰু ভৰি দুখন পিছ ফালেহে (আঁঠুত) ভাঁজ কৰিব পাৰি। এনেকুৱা গাঁঠি বা জোৰাবোৰক ইংৰাজীত ‘হিনজ জুইণ্ট’ বোলা হয়। ‘হিন্জ’ মানে কব্জা। দুৱাৰ-খিৰিকীত লগোৱা কব্জাবোৰো মাথোঁ এফালেহে সম্পূৰ্ণ ঘূৰাব পাৰি। তপিনা আৰু উৰুৰ গাঁঠিটো প্ৰায় সকলো ফালেই ঘূৰাব পাৰি। ইয়াত বল আৰু চোকেট থাকে। ইয়াক হিপ-জইণ্ট বোলে। শৰীৰৰ হাড়বোৰ এইদৰে ইডালৰ লগত সিডাল জোৰা বা গাঁঠিৰ জৰিয়তে সংলগ্ন হৈ থাকে যদিও মাথোঁ এডাল হাড়েই কোনো হাড়ৰ লগত সংলগ্ন হৈ নাথাকে। এইডাল হাড় ডিঙিৰ অংশত মাংসপেশীৰ মাজত সোমাই থাকে। ইংৰাজী ʼUʼ আখৰটোৰ আকৃতিৰ এই হাড়ডালক ‘হায়ড্ বোন’ বোলা হয়। মানুহৰ কংকালটোৱে শৰীৰটোক শক্তিশালীভাৱে থিয় কৰাই ৰখাত সহায় কৰাৰ উপৰি শৰীৰ প্ৰাণৰক্ষক অংগবোৰক বাহিৰৰ সম্ভাব্য আঘাতৰ পৰা সুৰক্ষা প্ৰদান কৰে। আমাৰ লাউখোলাটোৰ হাড়বোৰে মগজুটোক আৰু বুকুৰ অংশৰ হাড়বোৰে কলিজা, হাওঁফাওঁ আদিক সুৰক্ষা প্ৰদান কৰে। আমাৰ দেহৰ হাড়বোৰ কেলছিয়াম আৰু ফছফেট নামৰ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা তৈয়াৰী বাবে ই বৰ কঠিন হয়। হাড়বিলাকৰ ভিতৰ ভাগত ‘জেলী’ জাতীয় পদার্থ থাকে, যাক মজ্জা বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰভাগতো তেজৰ নতুন কোষ তৈয়াৰ হৈ থাকে। হাড়ৰ মাজেৰে যোৱা সূক্ষ্ম ৰক্তবাহী নলীৰে অবিৰতভাৱে হাড়বোৰলৈও ৰক্ত সঞ্চালন হৈ থাকে।

যতীশ ৰঞ্জন পাটগিৰি