আমাৰ সন্তান ডাঙৰ হ’ল— শিৱপ্ৰসাদ ভট্টাচাৰ্য্য(স্বৰচিত)

pc Brain, Child Magazine

।।  আমাৰ সন্তান ডাঙৰ হ’ল ।।
———————————————
আমাৰ সন্তান এতিয়া ডাঙৰ হ’ল
আমিবোৰ অকলশৰীয়া হৈ পৰিলো ।

বিচনাত ইফালে সিফালে সিচৰিত হৈ থকা
কাপোৰ বোৰ দেখোন নাই
জোতা মোজা স্কুল ইউনফৰ্ম য’তে ত’তে
পেলাবলৈ কোনো নাই ।
খাদ্যৰ নিত্য নতুন আব্দাৰবোৰো নাই
ফ্ৰিজটোও বাৰে বাৰে খুলি
খোৱা বস্তু   নুলিয়াই।
বিচনাখন যে বহুত ডাঙৰ হৈ পৰিল
সন্তানৰ মনোমোহা শৈশৱ
কৰবাত হেৰাই থাকিল ।

আমাৰ সন্তান এতিয়া ডাঙৰ হ’ল
আমিবোৰ অকলশৰীয়া  হৈ পৰিলো ।
টিভিত মিকিমাউচ মাথোন চোৱাৰ
ওফোন্দ এতিয়া নাই
ৰিমোটৰ বাবেও কাজিয়া আৰু নাই ।
ৰাতিপুৱা বাতৰি কাকতখনৰ বাবে
টনা আজোৰা নাই
খেলৰ সামগ্ৰী সমূহো ক’তো পৰি থকা নাই ।
দেখিবলৈ ঘৰটো বহুত ডাঙৰ আৰু
সুন্দৰ  যেন হ’ল
কিন্তু প্ৰতিটো কোঠা নিমজ
নিৰ্জীৱ হৈ পৰি ৰ’ল ।
এতিয়া সময়বোৰ যেন স্থবিৰ হৈ পৰিল ,
শৈশৱৰ স্মৃতিবোৰ কিছু দেৱালত,
কিছু ফটোত সোমাই থাকিল ।

আমাৰ সন্তান এতিয়া ডাঙৰ হ’ল
আমিবোৰ অকলশৰীয়া হৈ পৰিলো ।
এতিয়া আৰু আমাৰ ডিঙিত ধৰি
কোনেও ওলম নিদিয়ে
ঘোঁৰা হবলৈও কোনেও আৰু জেদ নধৰে ।
খাদ্য খুৱাবলৈও এতিয়া –
চৰাইবোৰ উৰাব নালাগে
খাদ্য খুওৱাৰ পিছৰ সকাহ খিনিও
এতিয়া নাপাওঁ ।
প্ৰতিদিনৰ কাজিয়া ঠেহপেছবোৰো
এতিয়া নাই
হাই কাজিয়া ভঙাৰ আনন্দও আৰু নাই ।

আমাৰ সন্তান এতিয়া ডাঙৰ হ’ল
আমিবোৰ অকলশৰীয়া হৈ পৰিলো ।
পলক জপাওতেই কেতিয়ানো জীৱনৰ
সোনবৰনীয়া সময়খিনি গ’ল,
গমেই নাপালো ।
ইমান ধুনীয়া অনুভৱবোৰ কেতিয়ানো গলি
নি:শেষ হ’ল টলকে নাপালোঁ,
ধৰিবকে নোৱাৰিলো ।
পলকতে হাঁহি দিয়া, পলকতে কান্দি দিয়া
কান্ধত থপথপোৱা আৰু কোচতে শুই পৰা
বুকুৰ মাজত সোমাই –
নিচুকনি গীতবোৰ গোৱা
বাৰে বাৰে উঠি গাত ভালদৰে
কম্বল খন দিয়া
এতিয়া মধুৰ স্মৃতি মাথোন ।

আমাৰ সন্তান এতিয়া ডাঙৰ হ’ল
আমিবোৰ অকলশৰীয়া হৈ পৰিলো ।
মাহেকীয়া বজাৰৰ সীমাবদ্ধতাখিনি
এতিয়া নাই,
বাথৰুমৰ মজিয়া এতিয়া শুকান হৈ থাকে
পাকঘৰৰ আহৰহ ব্যস্ততাও এতিয়া সীমিত
এতিয়া প্ৰতিটো ঘন্টাৰ শব্দত এনেভাৱ হয়
যেন কিবা চাৰপ্ৰাইজ আছে ….
আৰু আছে সন্তানৰ নতুন আব্দাৰ…..
এতিয়া প্ৰতিদিন পুৱা গধুলি পোনাহতে
আমাৰ স্বাস্থ্যৰ খবৰ ফোনত লয়,
টেনচন্ নলবলৈ, জিৰণি লবলৈ
পৰামৰ্শ দিয়ে ।
তাহানিতে আমি সিহঁতৰ কাজিয়াবোৰ
সমাধান কৰিছিলো,
আজি সিহঁতে আমাক বুজনি দিয়ে ।
এনেহেন লাগে –
এতিয়া হয়তো আমিবোৰ শিশু হৈ পৰিছো

আমাৰ সন্তান এতিয়া ডাঙৰ হৈ গ’ল
আমিবোৰ অকলশৰীয়া হৈ পৰিলো ।
–––——————————
বি:দ্ৰ:সাহিত্য সমাজৰ ২৫/৭/২০২১ই্ তাৰিখৰ বৈদ্যুতিন বৈঠকত পঠিত।
শিৱপ্ৰসাদ ভট্টাচাৰ্য্য(স্বৰচিত)