আমাৰ শ্ৰেষ্ঠতম অদৃশ্য সম্পদ মনটো- কৌশল্যা বৰা

pc. New Scientist

আমাৰ শ্ৰেষ্ঠতম অদৃশ্য সম্পদ মনটো

পুৱাৰ সম্ভাষণ জনালোঁ। ঋতুৰাজৰ আগমনিৰ এটি মনোৰম নতুন পুৱা। জানো, আপোনাৰ আজি মনতো খুবেই ভাল লাগি আছে। এমোকোৰা হাঁহিভৰা আপোনাৰ মুখখনিয়ে, দীপ্তিমান চকুহালে আপোনাৰ মৰমসনা ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰি চৌপাশৰ সমাজকো আনন্দিত কৰিছে। হয়, আপুনি যোৱাকালিৰ সকলো পাহৰি আজিৰ এটি নতুন দিনৰ বাবে বহুত গঠনমূলক আঁচনি লৈ সাজু হৈছে। মই জানো কিন্তু, আপোনাৰ মনটো সদায় ইতিবাচক চিন্তাৰ গৰাকী। হয়তো সেই বাবে আপোনাৰ সংসাৰখনেও মনে বিচৰামতেই গঢ় লৈছে। সেয়ে, উইচ্ ইউ অল দ্য বেষ্ট।
আপোনাৰ দৰে বহু ঘাট-প্ৰতিঘাট, আমনি অশান্তিৰ মাজতো এনেকৈ সন্তোষিত মনেৰে প্ৰতিদিনে জীৱনটোক সহজভাবে আগবঢ়াই নিব পৰা লোকসকলৰ বিষয়ে মহৎ গ্ৰন্থ নতুবা মহৎ লোকসকলে কি কয় শুনোচোন আহক–
‘ আমি মানুহবোৰ যদি ঈশ্বৰৰ সৃষ্টি, তেন্তে ঈশ্বৰে দিয়া আমাৰ শ্ৰেষ্ঠ সম্পদ হ’ল- মগজুটো আৰু শ্ৰেষ্ঠতম অদৃশ্য সম্পদফেৰা হ’ল- আমাৰ মনটো। ইচ্ছা-অনিচ্ছা, ভাল-বেয়া, আবেগ-অনুভূতিৰ ই হ’ল এক বৃহৎ ভাণ্ডাৰ। মনত সৃষ্টি হোৱা অনুভূতিৰ ওপৰতেই জীৱনৰ সকলো কথা নিৰ্ভৰ কৰে। মনত ভাল ভাৱৰ উদয় হ’লে কাম গঠনমূলক হয়, বেয়া ভাৱৰ উদয় হ’লেই বিনাশ অনিবার্য।’ প্ৰাচীন ঋষি-মুণিসকলে আনকি আধুনিক বিজ্ঞানেও প্ৰমাণ কৰি দেখুৱাইছে যে মানুহে মনেৰে ভবামতেই শৰীৰে কাম কৰে। আকৌ মনটো দুইফালে ধাৰ থকা অস্ত্ৰৰ দৰে, ই সুখো দিব পাৰে যেনেকৈ দুখো দিব পাৰে তেনেকৈ। সেয়ে নেতিবাচক চিন্তা দুৰ কৰি ইতিবাচক দৃষ্টিভঙ্গীৰে সজভাবে মনক পৰিচালিত কৰিব পাৰিলেহে জীৱন সাৰ্থক হ’ব। পৃথিৱীত সকলো লোকেই নিজৰ ল’ৰা-ছোৱালী ভৱিষ্যতে দুখত নপৰিবলৈ কষ্টোপাৰ্জিত সম্পত্তি সিহঁতৰ বাবে সাঁচি থৈ যায়। কিন্তু,এটা কথা সত্য যে ইতিবাচক
বুদ্ধিমত্তাপূৰ্ণ এটা মনৰ অবিহনে পাৰ্থিৱ কোনো সম্পদেই সুখকৰ নহয়। সুন্দৰ সুস্থিৰ মনৰ গৰাকীয়ে প্ৰয়োজনীয় সম্পদ নিজেই
আহৰণ কৰি ল’ব পাৰিব । উচিত অনুচিত বিচাৰ কৰিব জনা এটা মনহে মানুহৰ প্ৰকৃত সম্পত্তি।গৌতম বুদ্ধই কৈছিল, -‘the mind is everything, what you think you become’ । আকৌ ‘Possitive lntelligence’ নামৰ গ্ৰন্থত ছিৰজাদ চামিন(Shirzad Chamine) এ লিখিছে, -‘আপোনাৰ মনটো হ’ল আটাইতকৈ ভাল বন্ধু, কিন্তু আটাইতকৈ বেয়া শত্ৰুও। আপোনাৰ ইতিবাচক বুদ্ধিমত্তা হ’ল আপোনাৰ মনে আপোনাক কুটাঘাট কৰাৰ বিপৰীতে কিমান শতাংশ ভাললৈ চলাই নিছে, ইতিবাচক বুদ্ধিমত্তাৰ আপোনাৰ নিজৰ মনৰ ওপৰত কিমান প্ৰভাৱ আছে তাকে দেখুৱাই।’পজিটিভ ইন্টেলিজেন্স’ হৈছে এক স্ব-আৰ্জিত দক্ষতা। নিজকে কূশলে ৰাখি ইতিবাচক মানসিকতাৰে যদি আমি সকলো কামত অগ্ৰসৰ হ’ব পাৰোঁ,তেন্তে আমি সুন্দৰ ব্যক্তিত্বৰ গৰাকী হ’ব পাৰিম আৰু পুৰুষানুক্ৰমে সেই ভাব-চিন্তাবোৰ আমাৰ সতি-সন্ততিলৈ প্ৰবাহিত হ’ব। এটি সুন্দৰ মনৰ গৰাকী হ’বলৈ হ’লে সদায় প্ৰফুল্লিত মনেৰে সৃষ্টিশীল মানসিকতাৰে কামত অগ্ৰসৰ হৈ নিজৰ আত্মিক দক্ষতাৰ প্ৰতি চকু ৰাখি যিকোনো মীমাংসা ল’ব লাগে। প্ৰতিটো দিন এটি প্ৰাৰ্থনা বা প্ৰিয় মহৎলোকৰ বাণীৰে আৰম্ভ কৰিব লাগে। নিজৰ কৰ্মথলীয়েই হওক বা আন যিকোনো প্ৰকাৰে উদ্ভৱ হোৱা মানসিক ছাপৰ কাৰণবোৰ ইতিবাচক দৃষ্টি -ভংগীৰে বিশ্লেষণ কৰি নিজকে ছাপৰ পৰা মুক্ত কৰিব লাগে। ভাল কামৰ বাবে অন্যক প্ৰশংসা কৰা, উপকাৰৰ বাবে কৃতজ্ঞতা জনোৱা, সহায় কৰা, শৃংখলাবদ্ধ ভাবে নিজৰ কাম কৰা, হাঁহিমুখে থকা, অলপ সময় শাৰীৰিক ব্যায়াম কৰা, গভীৰ ভাবে শ্বাস-প্ৰশ্বাস লোৱা আদিয়ে পজিটিভ ইন্টেলিজেন্স বৃদ্ধি কৰায় । মানুহৰ শৰীৰ আৰু মন এই দুটাৰ মাজত এক সু -সামঞ্জস্য থাকিব লাগে। শৰীৰ আৰু মনৰ সুন্দৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা অতি প্ৰয়োজন। বাঢ়নৰ সময়ৰ পৰাই মূল্যবোধৰ শিক্ষাৰে ল’ৰা-ছোৱালীক শিক্ষিত কৰিব লাগে। যিকোনো কামত অগ্ৰসৰ হওঁতে সদায় সৎ, নিৰ্ভীক, অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দিব পৰা সাহসী, যিকোনো দিশত আগবাঢ়ি যোৱা লোকৰ আদৰ্শ গ্ৰহণ কৰা উচিত। এইখিনিতে
আমাৰ দেউতাহঁতে কোৱা এষাৰ কথা মনত পৰিছে। কথাষাৰ তেনেই সৰু হ’লেও তাৰ অৰ্থ বৰ গুৰুত্বপূৰ্ণ—-‘আগবাঢ়ি গৈ থকাজনে কয়, মই আহিলোঁ আহি থাক’ আৰু পাছত থকাজনে অনুৰোধ কৰে , -‘অলপ ৰৈ দেচোন মইও যাম।’ কৰ্মোদ্দমী লোকে উৎসাহিত কৰে আনহাতে এলেহুৱাই অন্যলোকো বহি থকাকে বিচাৰে। ‘ নকৰো নোৱাৰিম’-এ হেচি ধৰে,’কৰিম পাৰিমে’-তুলি ধৰে। বৰ্তমান আমি এনে এখন পৃথিবীত আছো য’ত ঐশ্বৰ্য-প্ৰাচুৰ্য, বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ অভূতপূর্ব প্ৰসাৰ, জ্ঞানৰ বিস্ফোৰণ, হাতৰ তলুৱাত চাব পৰা সমগ্ৰ বিশ্ব, যিবোৰ মানৱ ইতিহাসত কেতিয়াও সৃষ্টি হোৱা নাছিল। চিন্তাৰ বিষয় এতিয়া আমি দুৰ্ব্বাৰ গতিৰ 5G ইণ্টাৰনেটৰ সুবিধাৰ বাবে নিজক সাজু কৰিম তথা আমাৰ সন্তান সকলক সাজু কৰাব পাৰিম। ভাল-বেয়াৰ পূৰ্ণ সমাহাৰ এই সেৱাবোৰ গ্ৰহণ কৰি ভোগ্য বসুন্ধৰাৰ যোগ্য মানুহ হোৱাটো নিৰ্ভৰ কৰিব আমাৰ মনৰ গ্ৰহণ-বৰ্জন ক্ষমতাৰ সুপ্ৰয়োগৰ ওপৰত। তাৰবাবে লাগিব এটি ইতিবাচক বুদ্ধিমত্তা পূৰ্ণ মন। প্ৰশিক্ষিত মনেহে সৎখিনি গ্ৰহণ কৰি অসৎখিনি পৰিহাৰ কৰি নৈতিক উৎকৰ্ষ সাধন কৰি প্ৰকৃত মানুহ ৰূপে গঢ়ি তোলে। যিহেতু আত্মানুশাসনহীন বা ব্যভিচাৰী লোকৰ হাতত সম্পদ হয় প্ৰলোভন মাত্র ,যি নিজৰো আৰু আনৰো অশেষ অনিষ্ট কৰিব পাৰে। আকৌ প্ৰতিমাৰ পিছফালে চোৱা সকল নেতিবাচক চিন্তাৰ লোক। তেনেলোকৰ যজ্ঞ সম্ফল নহয়। ইফালে প্ৰত্যেক বস্তুৰে ভাল দিশটোলৈহে লক্ষ্য কৰে ইতিবাচক বুদ্ধিমত্তাসম্পন্ন সকলে। সেয়ে অভিভাৱকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে সন্তানক মৌ-মাখিৰ দৰে এটি সুন্দৰ মন দান কৰা যাতে মৌ-মাখিৰ দৰে বেয়াৰ পৰাও ভালহে সংগ্ৰহ কৰিব পাৰে। তেনে মন- মানসিকতাই এই বিজ্ঞান সৰ্বচ্চ যুগৰ একমাত্র বাহাদুৰি। সেই সামৰ্থবান সকলেই আজিৰ পৃথিৱীৰ উপযুক্ত বাসিন্দা। গঠনমূলক চিন্তাধাৰাৰে, আপোনাৰ ভাললগা ব্যক্তিত্বই চৌপাশৰ সমাজৰ সকলোকে অনুপ্রাণিত কৰক। আজিৰ দৰেই আপোনাৰ জীৱনৰ প্ৰতিটো পুৱা মধুময় হওঁক। সকলো পাঠক-পাঠিকালৈ আন্তৰিক ধন্যবাদ জনালোঁ।

কৌশল্যা বৰা
দেৰগাঁও