আমাৰ মৰমৰ নেহৰু খুড়া – স্বাগতা বৰুৱা গোস্বামী

pc News

আমাৰ মৰমৰ নেহৰু খুড়া

স্বাগতা বৰুৱা গোস্বামী

অসম-দিছপুৰ, নাগালেণ্ড-কহিমা…উত্তৰ প্ৰদেশ-লক্ষ্ণৌ…তেনেতে চুমি খুড়াকে আহি কি পঢ়ি আছা চুমি বুলি সুধিলে। চুমিয়ে বোলে ৰাজ্য আৰু তাৰ ৰাজধানীখিনি পঢ়ি আছো খুড়া। হয়নিকি মই তেনেহ’লে তোমাক প্ৰশ্ন এটা সুধিম দেই‌।সুধা খুড়া। উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম কি? লক্ষ্ণৌ খুড়া। পাৰিছা। এতিয়া কোৱাছোন উত্তৰ প্ৰদেশৰ যিকোনো এখন ঠাইৰ নাম? এলাহবাদ খুড়া। হৈছে। কাৰ জন্মৰ দিনটো আমি শিশু দিৱস হিচাপে পালন কৰো? পণ্ডিত জৱাহৰলাল নেহৰু ৰ জন্মৰ দিনটো। কোন তাৰিখে শিশু দিৱস উদযাপন কৰা হয়? ১৪ নবেম্বৰ দিনা। বাহঃ তুমি দেখোন সকলো পাৰিছা। বৰ ভাল ছোৱালী দেই। কালিলৈ তো শিশু দিৱস। তোমালোকৰ বিদ্যালয়ত উদযাপন কৰিব নে? কালিলৈ দেওবাৰ হোৱাৰ বাবে অনলাইন যোগেৰে উদযাপন কৰিব। আমাৰ মইনা পাৰিজাততহে কালিলৈ বহুত প্ৰতিযোগিতা পাতিছে। তাৰে ভূপেন্দ্ৰ সংগীত আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছো। অ’খুড়া গানটো বাৰু পাৰিম। কুইজটোলৈহে চিন্তা হৈছে।তাতে বিষয় বস্তু “জৱহাৰলাল নেহেৰু”। কিয় চিন্তা কৰিছা, তুমি দেখোন পাৰিছাই মই সুধা প্ৰশ্নবোৰ। তথাপিও আৰু অলপ কৈ দিয়া না তেওঁৰ বিষয়ে। অ’কে ভতিজা। মই তোমাক সহজকৈ লিখি দিম এনেকৈ মুখস্থ কৰিবা পাৰি যাবা।

জন্ম-১৮৮৯ চনৰ ১৪ নবেম্বৰ

পিতৃৰ নাম-মতিলাল নেহৰু

মাতৃৰ নাম-স্বৰূপৰাণী নেহৰু।

পত্নীৰ নাম-কমলা কাউল।

একমাত্ৰ সন্তান-ইন্দিৰা গান্ধী।

প্ৰিয় উৎসৱ-দেৱালী,ফাগুৱা আৰু নিজৰ জন্মদিনটো।

১৩ বছৰ বয়সতে “থিয়ছফিকেল ছচাইটি”ত যোগ দি প্ৰাচীন ধৰ্ম পুথিবোৰ অধ্যয়ন কৰিছিল।

১৯১০ চনত কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি বেৰিষ্টাৰীও পঢ়ি বেৰিষ্টাৰী ডিগ্ৰীও লাভ কৰে।

১৯১২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহে।

১৯২৮ চনত কংগ্ৰেছ ত যোগদান কৰে।

১৯২১ চনৰ পৰা ১৯৪২ চনলৈকে আঠবাৰ কাৰবাস। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

গ্ৰন্থ সমূহ-ইতিহাসৰ জিলিঙণি, ভাৰত সম্ভেদ, আত্মজীৱনী, ডিছকভাৰী অফ ইণ্ডিয়া ইত্যাদি।

১৯৫৫ চনত ভাৰত ৰত্ন উপাধি ।

তেওঁ একাধাৰে সুবক্তা, সুলেখক, ৰাজনীতিবিদ আছিল।

সকলোতকৈ ডাঙৰ কথা তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো তোমালোকৰ নিচিনা সৰু সৰু মইনাবিলাকৰ মনৰ খবৰ লৈছিল কাৰণ তেওঁ শিশু সকলক বৰ ভাল পাইছিল। সেই বাবে তেওঁক শিশু সকলে “নেহৰু খুড়া” বুলি মাতিছিল।

মৃত্যু-১৯৬৪ চনৰ ২৭ মে’ত।

এইখিনিকে পঢ়ি চাবা কালিলৈ কুইজৰ বাবে। হ’ব নে?? হ’ব আকৌ খুড়া। অ’খুড়া তুমি যে ইমান ভাল। তুমি থাকিলে মোৰ চিন্তাই নাই বুলি পিঠিতে জপিয়াই উঠি ল’লে।