আমাৰ বাহিনীৰ দ্বাৰা ৮০০ ৰাছিয়ান সৈন্য নিহত: ইউক্ৰেইন

pc Hindustan Times

আমাৰ বাহিনীৰ দ্বাৰা ৮০০ ৰাছিয়ান সৈন্য নিহত: ইউক্ৰেইন

ৰঙিলী বাৰ্ত্তাসেৱা-   ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে দেশখনৰ বাহিনীয়ে ৮০০ জন ৰাছিয়ান সৈন্যক হত্যা কৰিছে। ইয়াত কোৱা হৈছে যে “৩০ টা ৰাছিয়ান টেংক, ৭ খন বিমান, ৬ খন হেলিকপ্টাৰ” ধ্বংস কৰা হৈছে। ইয়াৰ পূৰ্বে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ “ধ্বংসাত্মক গোটসমূহ” দেশখনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে। তেওঁ এইটোও কৈছিল যে যুঁজৰ প্ৰথম দিনটোত ১৩৭ জন ইউক্ৰেনীয় নিহত হৈছিল।