“আমাৰ বাপু” – ইৰা বৰুৱা

pc Patrika

আমাৰ বাপু

 

হে মহান আত্মা তুমি সঁচাই মহান

সকলোৱে কয় মহাত্মা

মোহন দাস বাপু তোমাৰেই নাম

জাতিৰ পিতা তুমি ভগৱান ৷

দুই অক্টোবৰ তোমাৰ পবিত্ৰ জন্ম তিথি

সোঁৱৰো আমি তোমাক পুৱাতেই উঠি।

চিৰ পূজ্য চিৰ নমস্য তুমি

নোৱাৰো কৰিব শেষ গুণ বখানি

পোহৰ দি উজ্জ্বল কৰিলা ত্যাগিলা নিজৰ জীৱন

উদ্ধাৰ কৰিলা নিজ জাতি আৰু দেশক

কৰ্ম আদৰ্শৰে সাবটি মৰণ

বিদেশীৰ ৰাজত্ব কৰি চাৰখাৰ

পুনৰ জন্ম দিলা ভাৰত আত্মাৰ।

সমস্ত বিশ্বত আছা সর্বব্যাপি তুমি

সকলোৱে স্মৰণ কৰে অমৰ আত্মা বুলি।

তোমাৰ মহান আদর্শ শক্তি বুকুত বান্ধি

আন্ধাৰ গুচাই যাওঁ আমি পোহৰ বিচাৰি

নিস্বাৰ্থৰে কৰ্ম কৰি তোমাৰ আদৰ্শৰে

ৰক্ষা কৰিম নিজৰ জাতি দেশক সাহস, বীৰত্বৰে৷

ইৰা বৰুৱা
তৰুন ৰাম ফুকন পথ,
যোৰহাট