আমাৰ গাঁও…. – নন্দেশ্বৰ মিলি

pc- Istock

আমাৰ গাঁও….

আমাৰ গাঁও অতিকৈ শুৱনি
নৈৰ সুবাসে আছে ব্যাপি
তৰু-তৃণ,গছ-গছনি
তামোল-পাণ-ফলমূলৰ বাৰী
বিল-পুখুৰী,মাছ-কাছৰে উভৈনদী।

আঘোণৰ সোণালী পথাৰ
সঁৰিয়হৰ হালধীয়া সাগৰ
হৃদয়ত তোলে স্পন্দন
গাভৰু কনেঙহঁতে
কেঁচা জলকীয়া নিমখৰ স’তে
ৰবাব টেঙা চকলাৰ
লয় জুতি।

ককা- আইতাৰ সুঁহুৰি
নাতি-নাতিনীৰ আবদাৰ
সাধু সাধু লগা
এটি জোনাকী নিশা
চোতালে চোতালে
জী উঠে।

ৰিব ৰিব মলয়া বা
আন্দোলিত কৰে চৌপাশ
মিঠা মৰম মিঠা ভাষা
সহজ-সৰল জীৱনবাস
আপোন আপোন লগা
এটি ধ্বনি
শুনা পাঁও
হৃদয়ে হৃদয়ে।

আমাৰ গাঁও অতিকৈ শুৱনি
আমাৰ সপোনবোৰ য’ত
সেউজী পাঁহি মেলে।

নন্দেশ্বৰ মিলি
নগাঁও,অসম
8638881953