বিখ্যাৎ ফ’টো সাংবাদিক ডেনিছ চিদ্দিকীক আফগানিস্তানত হত্যা

pc Reuters

অনলাইন বাৰ্ত্তাসেৱা – ফটো সাংবাদিক ডেনিছ চিদ্দিকী পাকিস্তানৰ সৈতে সীমান্তত আফগান নিৰাপত্তা বাহিনী আৰু তালিবানৰ মাজত হোৱা সংঘৰ্ষৰ দৃশ্য গ্ৰহণ কৰি থকা অৱস্থাত নিহত হয়, এজন আফগান কমাণ্ডাৰে কৈছে। বিষয়াজনে শুক্ৰবাৰে ফ’টো সংবাদ সংস্থাক জনোৱা মতে, আফগান বিশেষ বাহিনীয়ে ‘স্পিন বোল্ডাক’ৰ মুখ্য বজাৰ এলেকাটো পুনৰ দখল কৰিবলৈ যুঁজ কৰি আছিল আৰু তেতিয়াই চিদ্দিকী আৰু এজন জ্যেষ্ঠ আফগান বিষয়া নিহত হয়। ইয়াক তেওঁলোকে “তালিবান ক্ৰছফায়াৰ”ৰ ফলত হোৱা বুলি বৰ্ণনা কৰে।

(UD.)