আপ নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে

Pc tribune india

আপ নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই আপ নেতা সৌৰভ ভৰদ্বাজ, আতিশী, দুৰ্গেশ পাঠক আদিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি লেফটেনেণ্ট গৱৰ্ণৰ হাউছৰ বিষয়াসকলে জানিবলৈ দিয়ে। আপৰ নেতাসকলে লেফটেনেণ্ট গৱৰ্ণৰ বিৰুদ্ধে “অত্যন্ত মানহানিকৰ আৰু দুৰ্নীতিৰ মিছা অভিযোগ” উত্থাপন কৰিছে বুলি বিষয়াসকলে লগতে কয়। আপৰ নেতাসকলে অভিযোগ কৰিছিল যে খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনৰ মুৰব্বী হিচাপে গৱৰ্ণৰে  তেওঁৰ কৰ্মচাৰীসকলক ২০১৬ চনত বিমুদ্ৰাকৰণ মুদ্ৰা বিনিময় কৰিবলৈ বাধ্য কৰিছিল।