আপোনাক দেখা পালে– ববিতা বৰা

pc-Walpapercave

আপোনাক দেখা পালে,

এতিয়াও বুকুত বাজি উঠে
প্ৰথম ভালপোৱাৰ
সুমধুৰ
ভায়লীন।
(জানো,আপুনি কাহানিও গজল নুশুনে)
আপোনাক ক’ব নোৱাৰা
 কথাবোৰে দোলা দি যায়।
ঘনাই..
বুকুত শব্দৰ বৰষুণ নমাই।
আৰু
মোক সজাই তুলে
এক অখ্যাত কবি।
(জানো,আপুনি কাহানিও কবিতা নুবুজে)
।।
আপোনাক দেখা পালে
বুকুত হান মাৰে,
বিষ হৈ বৈ যায় তেজ,
শৰীৰৰ কোহেঁ কোহেঁ।
জানো,
সম্প্ৰিতী কথাবোৰ আমাৰ পৰা
‘তোমাৰ’ কিম্বা মোৰ..
মাজত এখন বাধাৰ প্ৰাচীৰ
বিচ্ছেদৰ…
তথাপি মই
আপুনাক দেখা পোৱাৰ বাসনা ৰাখো,
কবি হোৱাৰ পোষকতা কৰো
বা
হেডফোনৰ দুইমূৰে শুনো
বিষাদ গজল..আস!
কি যে মিলন-বিৰহৰ-বিচ্ছেদৰ
কথা,সুৰ,কবিতা কবিতা..।
।।
আপুনি নজনাকৈয়ে
মই আপোনাক আজিও ভালপাওঁ।
আপোনাতেই বিচাৰি পাওঁ
মোৰ
উশাহৰ শেষ ঠিকনা।
ববিতা বৰা