‘আপুনি ভাবেনে? বেশ্যাৰো যে এখন হৃদয় থাকে।’  অংশুমান পূজাৰী

pc-ipleaders

‘আপুনি ভাবেনে? বেশ্যাৰো যে এখন হৃদয় থাকে।’ :

আপুনি ভাবে নে? বেশ্যাৰো যে এখন হৃদয় থাকে।
হয়।

পেট আৰু ভোকৰ তাড়নাত বেশ্যা বৃত্তি আদৰি লোৱা
নাৰীৰ হৃদয়তো থাকে যন্ত্ৰনাৰ কলেৰৱ।
দিনৰ পোহৰত বেশ্যা নাম পোৱা তাইজনী
তমসাবৃত্ত গলিৰ কোনোবা কুঠৰীত,
সভ্যতাৰ মুখা পিন্ধা প্ৰতিজন ভদ্ৰলোকৰ বাবে হৈ পৰে ‘জানেমন’, ‘দিলৰুবা’।

কোনোবা ধনীৰ দুলাল কিম্বা ভদ্ৰলোকৰ
কামনাৰ আক্ৰোশৰ ভৰ যেতিয়া তাইৰ উঠন বুকুৱে সহে ,
নিৰাপত্তা বিচাৰি যেতিয়া তাইৰ শৰীৰটোৱে হাহাকাৰ কৰে,
ভাবি চাইছেনে এবাৰ?
কিমান যন্ত্ৰনা পাই শৰীৰ বিক্ৰী কৰে তাই।

চকু চাট মাৰি যোৱাকৈ ৰঙীন শাৰী পিন্ধি
ওঁঠত টিকটিকিয়া ৰঙা প্ৰলেপ সানি,
দুচকুত কাজল বোৱাই গলিৰ সন্মুখত
গ্ৰাহকৰ বাবে অপেক্ষাৰত প্ৰতিগৰাকী বেশ্যাৰ থাকে যন্ত্ৰনা ভৰা এখন হৃদয় ।
সভ্যতাৰ মিছা আভৰণ পিন্ধা ভদ্ৰলোকৰ
কামনাৰ জুই নুমুওৱা তেঁওলোক যেন এপদ এপদ আহিলা।

সমাজৰ আগত ‘বেশ্যা’ শব্দটো উচ্চাৰণ কৰিবলৈ
লাজ পোৱা ভদ্ৰলোকসকলে আকৌ নিশা আন্ধাৰৰ সুযোগ লৈ,
মেহগনি পালেঙত সেই বেশ্যাৰ বুকুতে জিৰায়।

এইসকল ভদ্ৰলোকৰ শাস্তি কি হ’ব ?
কোনে দিব তেঁলোকক শাস্তি ? পাৰিবনে কোনোবাই ?

আপোনাক প্ৰথমতেই সুধিছিলো,
আপুনি ভাবেনে ? বেশ্যাৰো যে এখন হৃদয় থাকিব পাৰে।
সময় পালে বিচাৰ কৰি চাবচোন ,
উত্তৰটো কিন্তু জনাবলৈ নাপাহৰিব ।।
✍️অংশুমান পূজাৰী।