আন্ধাৰ-ময়ুৰী গোস্বামী নতুন বালিগাওঁ, যোৰহাট

pc-american magazine

আন্ধাৰ

‌‌‌‌ ময়ুৰী গোস্বামী
নতুন বালিগাওঁ, যোৰহাট

আন্ধাৰৰ সুযোগলৈ স্বাভিমানী মনটোৱে যেতিয়া মোক তাচ্ছিল্য কৰে …
মোৰ চকুহালে উদাসী বাগৰ সলাই।।।

নাজানো এই অভিমানবোৰৰ সমাধি বা ক’ত অথবা কেতিয়া??
অৱশ্যে সেই আন্ধাৰতেই ওমলি থকা নিঃশব্দতাৰ আঁৰৰ জোনাকীজনীয়ে
বিষাদৰ অৱকাশ আঁতৰাই…
মোৰ চৌপাশত এমুঠি জোনাক চতিয়াই !!
সেই আশাৰ জোনাকত মই পুনৰ এটি নতুন সপোন দেখো।।।

কোনেনো কয় ..
আন্ধাৰে মাত্ৰ বিষাদহে নমাই…?
আন্ধাৰতেই দেখোন নতুন নতুন সপোন দেখা যায়…!!