আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে- কল্পনা দত্ত

pc The Indian Express

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে

আন্তৰ্জাতিক নাৰী দিৱস প্ৰতি বছৰে ৮ মাৰ্চ তাৰইকে পালন কৰা হয়। গোটেই বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান দিন হিচাপে এই দিৱস উদযাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। কৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ  মুখ্য বিষয় হয়, আকৌ কৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠায়ে বেছি গুৰুত্ব পায়।

বিশ্বৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাৱে চৰকাৰী ছুটীৰ দিন হিচাপে পালন কৰা হয়। তাৰোপৰি কিছুসংখ্যক দেশত কেৱল নাৰীসকলে চৰকাৰী ছুটীৰ দিন উপভোগ কৰে।

প্ৰতিবছৰে নাৰী দিৱস উদযাপন কৰি নাৰী সকলক সন্মানিত কৰা হয়। বহুতো নাৰীক উপযুক্ততাৰ বাবে পুৰস্কৃতও কৰা হয়। কিন্তু আজিও আমাৰ সমাজত নাৰীয়ে উচিত মৰ্য্যদা পোৱা নাই। বহুতো নাৰী শোষিত, লঞ্চিত, নিৰ্যাতিত,ঘৰুৱা হিংসাৰ বলি ধৰ্ষিত হৈ আহিছ আজিৰ এই আধুনিক সমাজতও । নাৰী ঈশ্বৰৰ অপূৰ্ব সৃষ্টি, নাৰীক ইশ্বৰে পুৰুষতকৈ কোনোগুণে কম কৰি সৃষ্টি কৰা নাই। নাৰী সাহসী, ধৈৰ্য্যশীল, এক উদাত্ত শক্তি আৰু অতুলনীয় স্নেহৰ প্ৰতীক। নাৰী হ’ল জননী, সেয়েহে জন্মভূমিক আই মাতৃৰ লগত তুলনা কৰা হয়। যেনেকৈ জন্মভূমিৰ বুকুৰ বায়ু, পানী, শস্য আদি গ্ৰহণ কৰি মানৱ জাতি এতি বৰ্তি থাকে ঠিক তেনেকৈ মাতৃৰ বুকুৰ অমৃত পান কৰি শিশু এটিও বৰ্তি থাকে।

বছৰৰ এতি দিনত কেৱল নাৰীক নাৰী দিৱস পাতি সন্মান প্ৰদৰ্শন কৰিলেই জানো নাৰীৰ প্ৰতি সন্মান জনোৱা হ’ব ? প্ৰতিটো দিন, প্ৰতিটো পলতে যাতে নাৰীয়ে কাৰো পৰা লঞ্চিত নহৈ স-সন্মানেৰে জীয়াই থাকিব পাৰে তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে।কাৰো ওচৰত শিৰণত নপৰি নাৰীয়ে সাহসেৰে থিয় হব লাগিব, নিজৰ ভৰিত নিজে থিয় দিব লাগিব, সকলো মহিলা, ছোৱালীয়ে আত্মৰক্ষাৰ কৌশলবোৰ আয়ত্ব কৰি নিজৰ ৰক্ষা কৰি চলিব পাৰিব লাগিব।

নাৰীৰ মানসিক শান্তি অপৰিসসীম, এখন ঘৰ, এখন সমাজ, পৰিয়ালটিৰ চোৱাচিতা এইবোৰ অতি নিয়াৰিকৈ ক’তো আউল নলগাকৈ কেৱল নাৰীয়েহে কৰিব পাৰে। সন্তান এটিক উচিত শিক্ষা দি অতি কষ্টেৰে ডাঙৰ দীঘল কৰা এগৰাকী নাৰীৰ বাবেহে সম্ভৱপৰ।

মাতৃ গৰাকীয়ে এটি সন্তানৰ জীৱনৰ প্ৰথম শিক্ষয়ত্ৰী। সৰুৰ পৰাই ডাঙৰ দীঘল হোৱা এখন ঘৰ এৰি আন এখন ঘৰলৈ চিৰদিনৰ বাবে গৈ সেই নতুন ঘৰ, নতুন পৰিৱেশত খাপ খুৱাই আটাইবোৰ দায়িত্ব পালন কৰি জীৱন নিৰ্বাহ কৰিব পাৰে কেৱল নাৰীয়েহে।

নাৰী জাতিয়ে কৰিব নোৱাৰা কাম একো নাই। দেশ এখন শাসন কৰাৰ পৰা যুদ্ধক্ষেত্ৰত নিজৰ শক্তি প্ৰয়োগৰে শত্ৰু পক্ষৰ মুখামুখি হোৱাৰ পৰা, পৰ্বতাৰোহনৰ দৰে কঠিন কাম কৰাৰ পৰা, খেলধেমালীৰ জৰিয়তে দেশলৈ সুনাম কঢ়িয়াই অনালৈ সকলো কৰিছে।

নাৰীয়ে সাহস কৰিলে অসাধ্য সাধন কৰিব পাৰে। সমাজৰ বৰ্বৰ পুৰুষবোৰক নাৰী শক্তি একত্ৰিত হৈ চৰম শাস্তি বিহি সৎ পথলৈ ঘূৰাই আনিব পাৰিব। কেৱল পুৰুষকেই নহয়, বিপথে যোৱানাৰীকো কেৱল নাৰীয়েহে সৎ পথলৈ ঘূৰাই আনি সমাজ এখন নিকা কৰিব পাৰিব।

শেষত ‘নাৰী দিৱসৰ’ শুভকামনা জনাই সকলো নাৰীকে কওঁ- নাৰী তুমি অনন্যা, অতুলনীয় গুণৰ সমাহাৰ তোমাৰ মাজত বিদ্ধমান। তুমি আগুৱাই যোৱা সমাজৰ বাধাবিঘিনি আতৰাই।

কল্পনা দত্ত
গান্ধীবস্তুী, গুৱাহাটী ­
ফোন নং- ৭০০২৩৩৭১২৩