আন্তৰ্জাতিক টি-২০ত  দ্ৰুততম ছিক্সাৰৰ অভিলেখ লিৱিছৰ

pc- facebook

আন্তৰ্জাতিক টি-২০ত  দ্ৰুততম ছিক্সাৰৰ অভিলেখ লিৱিছৰ

অনলাইন বাৰ্ত্তাসেৱা– আজাতিক টি-২০ত গেইলৰ অভিলেখ অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িলে তেওঁৰে সতীৰ্থ লুইছে। অেষ্ট্ৰলিয়াৰ বিৰুদ্ধেটি-২০ শৃংখলাৰ শেষৰখন খেলত এই অভিলেখ গঢ়িলে লুইছে। ৩৪টা বলত ৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছটোত লুইছে ৯ টাকৈ অভাৰ বাউণ্ডেৰী কোৱায়। অষ্টমটো অভাৰ বাউণ্ডেৰীৰে গঢ়িলে অভিলেখ লুইছে। মিচেল ছুৱেছনৰ বলত কোবোৱা উক্ত অভাৰ বাউণ্ডেৰীৰে আন্তৰ্জাতিক টি-২০ত এশটা ছিক্সাৰৰ অধিকাৰী হয় লুইছ। মাত্ৰ ৪২ টা ইংনিছ খেলিয়েই লুইছে এশটা অভাৰ বাউণ্ডেৰীৰ গৰাকী হয়। ৪৯টা ইংনিছত অভাৰ বাউণ্ডেৰীৰ চেঞ্চুৰীৰে পূৰ্বৰ অভিলেখ আছিল গেইলৰ।

(richa)