আন্তর্জাতিক দিব্যাংগ দিৱস পালন 

Pc Current Affairs

আন্তর্জাতিক দিব্যাংগ দিৱস পালন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে লতাকটাস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আন্তর্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতিপালনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ সুবিধাৰ্থে প্ৰতিবছৰে ডিচেম্বৰত এই দিৱস পালন কৰা হয়। অসমৰ দিব্যাংগসকলৰ আয়ুক্ত দেৱেশ্বৰ বৰাই পতাকা উত্তোলনৰে দিব্যাংগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিব্যাংগ শিশুসকলৰ মাজত চিত্রাংকন আৰু খেলধেমালী প্রতিযোগিতাও অনুষ্ঠিত হয়। দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি প্ৰতীক্ষা ইনষ্টিটিউট অফ এলাইড হেল্থ চায়েন্সৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’থেৰাপী কেম্প আৰু মেডিকেল ইউনিটৰ ব্যৱস্থা কৰা হয় ৷