আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অʼমেনছ গেমছ অব আছাম ৰ ১৮টা সোণৰ পদক

pc- The Timesof India

আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অʼমেনছ গেমছ অব আছাম ৰ ১৮টা সোণৰ পদক

অনলাইন বাৰ্ত্তাসেৱা– নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অʼমেনছ গেমছ অব আছামে ১৮টা সোণৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অʼমেনছ গেমছ অব আছামৰ সম্পাদিকা শশী খাউণ্ডে জানিবলৈ দিছে যে যোৱা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ নেপালৰ পখৰাত মহিলাৰ মাজত আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত অসমৰ অʼম্নছ গেমছ অব আছামৰ মুঠ ১৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ১৮টা সোণৰ পদক আনিবলৈ সক্ষম হয়। এই দলটোত মনিমা গগৈ, শশী খাউণ্ড, দীপালী তব, চহিনা বেগম, কুঞ্জ বড়ো, পূৰ্ণিমা চৌধুৰী, মামু বায়ন, পঞ্চমী গোহাঁই আদি অন্যতম বুলি ব্যক্ত কৰে। শশী খাউণ্ডে ভাৰতীয় মহিলা দলপতি হিচাপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দলটোৰ এনে সাফ্যলত সকলোৱে আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

 

(RT)