আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট সেৱাৰ অনুজ্ঞাপত্ৰ লাভ এমট্ৰʼনৰ

pc- The Economic Times

আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট সেৱাৰ অনুজ্ঞাপত্ৰ লাভ এমট্ৰʼনৰ

অনলাইন বাৰ্ত্তাসেৱা- অনুজ্ঞাপ্ৰাপ্ত  দেশৰ ভিতৰতে প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অসম ইলেক্ট্ৰনিক্স উন্নয়ন নিগম(এমট্ৰʼন) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দূৰত্বৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে এন এল ডি, আই এল ডি আৰু আই এছ পি হৈছে। এই সম্পৰ্কত নতুন দিল্লীত অলপতে ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ টেলি সংযোগ বিভাগৰ সৈতে এমট্ৰʼনৰ এক চুক্তি স্বাক্ষৰিত হয়।টেলিসংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্চন আৰু এমট্ৰʼনৰ পৰিচালন সঞ্চালক এম কে যাদৱ পুনৰ নৱীকৰণ যোগ্য ২০ বছৰীয়া এই চুক্তিত স্বাক্ষৰ কৰে।ইয়াৰ জৰিয়তে এমট্ৰʼনে অসমৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি চুবুৰীয়া ৰাষ্ট্ৰসমূহত উচ্চ গতি সম্পন্ন ইণ্টাৰনেট ব্যৱস্থাৰ উন্নীতকৰণ আৰু সেৱা আগবঢোৱাৰ অনুজ্ঞা লাভ কৰিলে। বহু প্ৰত্যাশিত এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোত ইণ্টাৰনেট সেৱা অধিক সহজ, ফলপ্ৰসু আৰু ক্ষিপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এমট্ৰʼনক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে।

(R.T)