আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস–বন্দিতা শৰ্মা কন্দলী

pc-twitter

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস

মৰমৰ অকণিহঁত, তোমালোকে জানা যে আমাৰ পৃথিৱীখনৰ বিভিন্ন প্ৰান্তত এনে বিশেষ বিশেষ দিন আছে যিবোৰ দিন আমি সমূহিয়াকৈ পালন কৰি আহিছোঁ।সেই দিনটোৰ এটা বিশেষ তাৎপৰ্য থাকে।সেই কাৰণে আমি দিৱস বুলি কওঁ। দিৱস বোৰক আকৌ গুৰুত্ব অনুসৰি একো একোটা নাম দিয়া হয়। ভাৰত চৰকাৰে ১৯৭২ চনত বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়ন আৰু প্ৰচলন কৰে। পৃথিৱীত বিচৰণ কৰি ফুৰা এক অনন্য সুন্দৰ বন্যপ্ৰাণী বাঘৰ বাবেও আছে এটা বিশেষ দিৱস।গড়,হাতী আদি প্ৰাণী বোৰৰ সংখ্যা দিনে দিনে কমি অহাৰ দৰে বাঘৰ সংখ্যাও উদ্বেগজনক ভাৱে কমি অহাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জীৱবিদ সকলক চিন্তিত কৰি তুলিছে। সেয়েহে বিশ্ববাসীক এই সুন্দৰ প্ৰাণী বিধৰ সম্বন্ধে সচেতন কৰি তোলাৰ লগতে প্ৰাণী বিধক সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিবছৰে ২৯ জুলাই তাৰিখটো ʼ আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস ʼ হিচাপে পালন কৰা হয়।
পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষতে সৰ্বোচ্চ সংখ্যক বাঘ আছে। বৰ্তমান পৃথিৱীৰ ৭০ শতাংশ বাঘ ভাৰতত আছে। এই আপুৰুগীয়া প্ৰাণীটো ৰক্ষা কৰিবলৈ ১৯৭২ চনত ভাৰত চৰকাৰে বন সংৰক্ষণ আইনৰ অধীনত প্ৰথমতে দেশৰ নখন ৰাষ্ট্ৰীয় উদ্যান ত ব্যাঘ্ৰ প্ৰকল্পৰ আঁচনি হাতত লয়।১৯৭৩ চনৰ এক এপ্ৰিলত উত্তৰ প্ৰদেশৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যান ত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ব্যাঘ্ৰ প্ৰকল্পৰ আঁচনি আৰম্ভ কৰে। বৰ্তমান ব্যাঘ্ৰ প্ৰকল্প ই সামৰি লোৱা ভাৰতবৰ্ষ ৰ মুঠ বনাঞ্চল ৫০ খন। ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ মোহনা অঞ্চলত অৱস্থিত পৃথিৱীৰ বৃহত্তম ʼবʼ – দ্বীপ সুন্দৰবনক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ আৰু অধিক সংখ্যক ঢেঁকীয়াপতীয়া বাঘৰ আবাস স্থল বুলি জনা যায়।
বাঘ থকা অৰণ্য পৰিৱেশতন্তত বাঘেই হৈছে খাদ্য শৃংখলৰ আটাইতকৈ শীৰ্ষত থকা প্ৰাণী। খাদ্য ৰ দিশৰ পৰা চাবলৈ গ’লে দেখা যায় যে, ডাঙৰ হাতীৰ বাদে আন সকলো প্ৰাণীকে ঢেঁকীয়াপতীয়া বাঘৰ চিকাৰ কৰি খোৱাৰ ক্ষমতা আছে। সেয়ে এই বাঘক ʼবনৰ ৰজা ʼ বুলি কোৱা হয়।
বন্দিতা শৰ্মা কন্দলী।