আধুনিক জীৱন যাত্ৰাত যোগাভ্যাসৰ প্ৰয়োজনীয়তা-ড০ বিজিতা চুতীয়া,

Pc-DD news

আধুনিক জীৱন যাত্ৰাত যোগাভ্যাসৰ প্ৰয়োজনীয়তা

 

ড০ বিজিতা চুতীয়া,

বি..এম.এছ., এম.ডি. (আয়ুৰ)

ষ্টেট কনচালটেণ্ট (নেচনল আয়ুৰ

মিছন) দিছপুৰ, বনফুল নগৰ পথ

ফোন নং৯৭০৭২৮৪১০০

 

যোগ প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগ হ’ল আৱশ্যক ৰূপেৰে এক আধ্যাত্মিক অনুশাসন যি বিশেষকৈ পৰিস্কৃত বিজ্ঞানৰ ওপৰত আধাৰিত। ই হ’ল সুস্থ জাৱনৰ বাবে এক কলা আৰু বিজ্ঞান। যোগাভ্যাসৰ দ্বাৰা মন আৰু শৰীৰ তথা মনুষ্য আৰু প্ৰকৃতিৰ মাজত এক উন্নত সন্তুলনতা ঘটি থাকে। যোগে প্ৰাণৰ সঞ্চাৰ কৰে। ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ভেটি হৈছে যোগ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আয়ুৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ নেতৃত্বত নতুন দিল্লী, ৰাজপথত আয়োজিত যোগ প্ৰদৰ্শনৰ নেতৃত্ব কৰে। সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে পূৰ্ণ উৎসাহেৰে ২০১৫ চনৰ ২১ জুনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰূপে পালন কৰে।

যোগ শব্দৰ উৎপত্তি সংস্কৃতৰ “য়োজ” শব্দৰ পৰা হৈছে। যাৰ অৰ্থ সংযুক্ত অথবা একত্ৰিত হোৱা বুজায়। যোগ উৎপত্তি বহু হেজাৰ বছৰৰ আগতেই হৈছেল। যৌগিক লেখনিসমূহৰ আধাৰত ভগৱান শিৱ যি আগতে যোগী বা আদি যোগী আছিল। তেওঁ নিজৰ গভীৰ জ্ঞানক নিজৰ সাতজন শিষ্য প্ৰশসদ্ধ সপ্তঋষিৰ মাজত প্ৰচলিত কৰিছিল। যোগক পূৰ্ববৈদিক কালৰে পৰা অভ্যাস কৰা হৈছিল কিন্তু সমৰ্ষি পতঞ্জলি যাক আধুনিক যুগৰ পিতাৰূপত জানজাত তেখেতেই প্ৰথমজন ব্যক্তি যিয়ে সেই সময়ৰ অভ্যাস সমূহক নিজৰ যোগ সূত্ৰসমূহৰ আধাৰত সুব্যৱস্থিত আৰু সংহতবদ্ধ কৰে। পাছত আন বহুতো যোগগুৰু সকলে এই বিদ্যাৰ সংৰক্ষণ আৰু বিকাশ ঘটাই এই আচৰ্জজনক অভ্যাসক বিস্তাৰিত কৰে। বৰ্তমান মূখ্যৰূপে অভ্যাস কৰা যোগ সাধনা সমূহ হ’ল- য়ম, নিয়ম, আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধাৰণ, ধ্যান, সমাধি, বন্ধ, মুদ্ৰা, ষট্কৰ্ম, মন্ত্ৰযোগ ইত্যাদ। “ঘেৰণ্ড সংহিতা”, “ত্ৰিশিখী ব্ৰাহ্মণ উপনিষদ” আৰু ”ইঠযোগ প্ৰদীপিকা” আদি গ্ৰন্থত প্ৰধানকৈ যোগিক প্ৰক্ৰিয়াবোৰৰ অভ্যাসৰ উল্লেখ পোৱা যায়।

যোগাভ্যাস কৰাৰ আগতে কোতবোৰ সাধাৰণ নিৰ্দেশনা মানি চলা উচিত। যেনে- যোগাভ্যাস শান্তি আৰু আনন্দৰ বাতাবৰণত শান্ত শৰীৰ আৰু মস্তিস্কৰ সৈতে কৰা উচিত। ইয়াক খালি পেট বা পাতল খাদ্য খোৱাৰ পাছত কৰা উচিত। যদিহে দুৰ্ল অনুভৱ হয় তেন্তে কুহুমীয়া পানীত গুৰ মিলাই খাব লাগে। শৰীৰৰ অংগসমূহ চালনৰ বাবে পাতল আৰু আৰামদায়ক কপাহী কাপোৰ  পৰিধান কৰা উচিত। ৰাতিপুৱা অভ্যাস কৰাৰ আগতে নিত্যকৰ্ম সমাধা হোৱা উচিত। কোনো পুৰণা ৰোগ, বিষ অথবা হৃদয় সমন্ধিয় সমস্যা হ’লে যোগাভ্যাস কৰাৰ আগতে কোনো চিকিৎসক বা যোগচিকিৎসকৰ পৰামন্শ লোৱা উচিত। অভ্যাসসমূহ নিজৰ ক্ষমতা অনুসৰি হে কৰিব। অভ্যাস কৰাৰ ২০-৩০ মিনিট পাছতহে ভোজন বা স্নান কৰা উচিত।

যিহেতু বৰ্ত্তমান গোটেই দেশ ক’ভিড-১৯ মহামাৰীৰ সৈতে যুজঁ দি আছে, এনে সময়ত যোগাভ্যাসে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰাখে। বৰ্ত্তামানৰ ক’ভিডৰ বাবে এই বছৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে “সদায় যোগাভ্যাস কৰক, ঘৰতেই থাকক”। বিভিন্ন যোযোগাসন অভ্যাসৰ জড়িয়তে আমাৰ শ্বসন ক্ষমতা বঢ়াৰ উপৰিও মানসিক দুঃশ্চিন্তা কমোৱাত সহায় হয় যাৰ ফলত কোভিড-১৯ প্ৰতিৰোদ কৰাৰ লগতে ক’ভিড ৰোগ নিৰাময় হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হয়। ক’ভিড মহামাৰীৰ বাবে উপযোগী কেইবিধমান  আসন হৈছে- উষ্ট্ৰাসন, উত্তান মণ্ড ুকাসন, তাড়াসন, ত্ৰিকোণাসন, বক্ৰাসন, ভূজঙ্গাসন, কপালভাটি, অনুলোম-বিলম, ভ্ৰামৰী, উজ্জয়ী, ইত্যাদি।

আধুনিক জীৱন-যাত্ৰাত মানুহৰ মন উদ্বিগ্নতা আৰু হতাশাত ভৰি পৰিছে। যাৰ ফলত মানুহৰ ব্যক্তিগত আৰু সামাজিক শান্তি বিনষ্ট হৈছে। পলস্বৰূপে নিতৌ  নতুন নতুন ৰোগে মানুহক আক্ৰান্ত কৰিছে। যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্পণ্ডেলাইটিছ, কোষ্ঠকাঠিন্য,মূৰৰ বিষ, নিদ্ৰাহীনতা ইত্যাদি। নিয়মিত যোগানৰ অভ্যাসৰ ফলত আমাৰ সিৰা উপসিৰা আৰু মাংসপেশীত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু সেই ঠাইৰ ৰোগ নিৰাময় হয়। সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কিছুসংখ্যক বেমাৰকেৱল মাত্ৰ যোগৰ দ্বাৰাহে নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপেৃ মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক অৱসাদ, এজমা, মাইগ্ৰেইন, কঁকালৰ বিষ, পেৰালাইছিছ, পাৰকিনচন, থায়ৰইড ইত্যাদি ৰোগ। যোগাভ্যাসৰ জড়িয়তে স্নায়ুতন্ত্ৰ, হৃদয় তথা নাড়ীবিলাক সুস্থ ৰাখিব পাৰি। যোগৰ দ্বাৰা ঋতুচক্ৰ নিয়মিয়াকৰিব পাৰি।

যোগ বিভিন্ন প্ৰকাৰৰ বৰ্তমানৰ দিনত প্ৰচলিত হৈ আছে। সেইসমূহ হৈছে- জ্ঞানযোগ, ভক্তিযোগ, কৰ্মযোগ, পতঞ্জলিযোগ, কুণ্ডলীযোগ, হঠযোগ, ধ্যানযোগ, মন্ত্ৰযোগ, লয়যোগ, ইত্যাদি। কৰ্মযোগত আমাৰ শৰাৰটো সুস্থ কৰি ৰাখে। জ্ঞানযোগ অভ্যাসৰ ফলত আমাৰ মনটো সুস্থ সবল আৰু শান্তি অনুভৱ হয়। ভক্তযোগৰ দ্বাৰা আমাৰ মনৰ ভাৱনাবোৰ সুস্থ হৈ থাকে। ক্ৰিয়াযোগে আমাৰ মনৰ বল সুস্থ আৰু সবল কৰি তোলে। বেলেগ বেলেগ বেমাৰৰ কাৰণে বেলেগ বেলেগ যোগ কৰোৱা হয়। যিকোনো যোগ কৰাৰ আগতে অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি কৰা উচিত।

যোগ কেৱল ব্যায়াম নহয়। যোগ এক উৎকণ্ঠাগ্ৰস্ত ব্যক্তিৰ উৎকণ্ঠা উভতাই লৈ তেওঁক উৎকণ্ঠাবিহীন কৰি তোলে। যোগে অশান্ত মনক শান্ত কৰে। সেয়েহে অহক আমি সকলোৱে যোগক আদৰি লওঁ আৰু এই বছৰ ২০২১ জুন আন্তজাৰ্তিক যোগ দিৱস “সদায় যোগ অভ্যাস কৰক, ঘৰতেই কৰক” বিষয়বস্তুৰে উদযাপন কৰোঁ।

***