আধাৰ নম্বৰ অবিহনে হিতাধিকাৰীয়ে নাপাব চৰকাৰী আঁচনিৰ সুবিধা

pc India TV

অনলাইন বাৰ্ত্তাসেৱা – চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুবিধা ল’বলৈ হ’লে আধাৰ অন্তৰ্ভুক্তিকৰণ কাৰ্যতঃ বাধ্যতামূলক। আধাৰ অন্তর্ভুক্তিকৰণ অবিহনে কোনো লোকে লাভ নকৰিবও পাৰে চৰকাৰী আঁচনিৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিভিন্ন সময়ত প্ৰৱৰ্তন কৰা বিভিন্ন হিতাধিকাৰী আঁচনিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তৎকালে ৰাজ্যৰ প্ৰতিগৰাকী লোককে আধাৰ অন্তৰ্ভুক্তিকৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশনাৰ অংশৰূপে এতিয়াৰে পৰা ঘৰে ঘৰে গৈ পৰিয়ালৰ সকলো সদস্যৰ নাম আধাৰ অন্তৰ্ভুক্তি হৈছে নে নাই সেই সন্দৰ্ভত খবৰ কৰিব আধাৰ প্ৰস্তুত কৰা দলে। ৰাজ্য চৰকাৰে অহা ৩১ আগষ্টৰ পূৰ্বে অসমত আধাৰ অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সময় বান্ধি দিয়াৰ লগতে প্ৰয়োজনত ঘৰে ঘৰে গৈয়ো কোনো লোক বাদ পৰি গ’ল নেকি সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে। আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে প্রতিখন জিলাৰে উপায়ুক্তসকললৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি ৩১ আগষ্টৰ পূৰ্বে ৰাজ্যৰ সকলো লোকৰে আধাৰ অন্তর্ভুক্তি নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে। উল্লেখ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত আধাৰ কেন্দ্ৰসমূহ বন্ধ কৰি ৰখা হৈছে যদিও এতিয়াৰে পৰা আধাৰকেন্দ্ৰসমূহত কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে আধাৰ কেন্দ্ৰসমূহত কোভিড প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশনা দিছে। আজি সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে প্ৰতিখন জিলাৰে উপায়ুক্তসকললৈ প্ৰেৰণ কৰা পত্ৰখনত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যথাসম্ভৱ শীঘ্ৰেই ৰাজ্যখনত আধাৰ অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। আৰু সেই বাবে প্ৰতিখন জিলাৰে যিসমূহ এলেকাত আধাৰ অন্তর্ভুক্তিকৰণ প্ৰক্ৰিয়া এতিয়াও সন্তোষজনক নহয় তেনে এলেকাসমূহত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।