আত্ম-সৃষ্ট ৩ উদ্যোগীক সম্বৰ্ধনাৰে ‘জাতীয় স্বাভলম্বিতাৰ দিন’ পালন জাতীয় পৰিষদৰ

আত্ম-সৃষ্ট ৩ উদ্যোগীক সম্বৰ্ধনাৰে ‘জাতীয় স্বাভলম্বিতাৰ দিন’ পালন জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্ৰিয় শিল্পী মানস ৰবীনৰ কেৰীয়াৰ কেনেকৈ আৰম্ভ হৈছিল জানে নহয়? তেওঁ সংগীত চৰ্চা আৰম্ভ কৰি বিফল হয়৷ গীতৰ কেছেট উলিয়াই ফ্লপ হোৱাত তীব্ৰ আৰ্থিক সংকটত পৰে৷ সচৰাচৰ এনেদৰে ব্যৰ্থ হ’লে বেছিভাগ লোকে সেই কাম বাদ অন্য কামত ধৰে৷ কিন্তু লক্ষ্য প্ৰাপ্তিৰ স্বপ্নৰ পৰা বিচ্যুত নহৈ মানস ৰবীনে গুৱাহাটীত এখন পান দোকান খোলে৷ আৰু পান-তামোল বিক্ৰি কৰি কৰি সংগীতৰ চৰ্চা অব্যাহত ৰখা শিৱসাগৰীয়া শিল্পীগৰাকী আজি অসমৰ এটি প্ৰতিষ্ঠিত নাম৷অনিল বৰুৱা? ইন্টাৰনেটৰ ছফ্টৱেৰ জগতৰ চিনাকি নাম অনিল বৰুৱাই জীৱন আৰম্ভ কৰিছিল কাঠমিস্ত্ৰীৰ জোগালি হিচাপে৷ লক্ষ্যপ্ৰাপ্তিৰ সপোন খেদি আজি অনিল বৰুৱা এটা বাণিজ্যিকভাৱে সফল ছফ্টৱেৰ কোম্পানীৰ মালিক৷আৰু সৌৰভ নাথ? সাংবাদিককাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ পিচত নদৌৰি গুৱাহাটীৰ ছয়মাইল চন্দন নগৰত এখন মুৰ্গীৰ দোকান আৰম্ভ কৰে৷ নিজৰ ভৰিত থিয় দিয়াৰ হাবিয়াসে আজি তেওঁক এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ অসমৰ চোকে কোণে এনে অসংখ্য মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথ আছে যিসকলৰ জীৱনযাত্ৰাৰ কাহিনী আন দহগৰাকী যুৱ অসমীয়াৰ কাৰণে প্ৰেৰণা হ’ব পাৰে৷ তেনে কিচুসংখ্যক আত্মসৃষ্ট (self made) অসমীয়াক আজি অসম জাতীয় পৰিষদে দলৰ স্বাভিমান যাত্ৰাৰ অংশ হিচাপে সম্বৰ্ধনা জনায়৷ যোৱা ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ পৰা অহা ১৯ ডিচেম্বৰ চৈয়দ আব্দুল মালিকৰ স্মৃতি দিৱসলৈ দহদিনীয়াকৈ দলে আয়োজন কৰা জাতীয় স্বাভিমান যাত্ৰাৰ আজি ষষ্ঠ দিনটো দলে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰে৷ তাৰেই অংশ স্বৰূপে আজি ৰাজ্যজুৰি বিশেষভাৱে সফল কিছুসংখ্যক উদ্যোগীক দলৰ নেতা-সদস্যসকলে সম্বৰ্ধনা জনায়৷ উক্ত কাৰ্যসূচীৰে কেন্দ্ৰীয় অনুষ্ঠানটো গুৱাহাটীৰ ছয়মাইল ভি আই পি ৰোডৰ চন্দন নগৰ চাৰিআলিত অৱস্থিত সৌৰভ নাথৰ ব্ৰইলাৰ কুকুৰাৰ দোকানৰ সন্মুখত অনুষ্ঠিত হয়৷ দলৰ সম্পাদক ৰাজীব ভট্টাচাৰ্যই আঁত ধৰা অনুষ্টানটোত সম্বৰ্ধনা গ্ৰহণ কৰি সৌৰভ নাথে কয় যে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত গুৱাহাটীৰ এটা ছেটেলাইট নিউজ চেনেলত চাকৰিত সোমায়৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চেনেলটো বন্ধ হৈ যোৱাত তেওঁ নিবনুৱা হৈ পৰে আৰু জীৱন যাপনৰ প্ৰয়োজনত উক্ত কুকুৰাৰ দোকানখন আৰম্ভ কৰে৷ তেওঁ নিজৰলকাহিনী বৰ্ণনা কৰি কয়, “আমাৰ শিক্ষিত ল’ৰাই দোকান দিবলৈ লাজ কৰে৷ চাকৰিৰ সন্ধানত থাকি বয়স পাৰ কৰাই দিয়ে৷ কিন্তু মই লাজ মান কাতি কৰি এই কাম আৰম্ভ কৰিছিলো আৰু আজি মই মোৰ কামক লৈ গৌৰৱান্বিত৷” অসমীয়া ভাষা ছফটৱেৰৰ স্বত্বাধিকাৰী অনিল বৰুৱাই কেনেকৈ মাজুলীৰ পৰা আহি প্ৰথমে শিৱসাগৰত মিস্ত্ৰীৰ জোগালি কাম কৰিছিল আৰু তাৰ পৰা আৰম্ভ কৰি কেনেকৈ আজিৰ পৰ্যায় পালে, সেয়া বৰ্ণনা কৰে৷ আনহাতে বিশিষ্ট সংগীত পৰিচালক, কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ মানস ৰবীনৰ ঘৰলৈ গৈ শিল্পীগৰাকীক সম্বৰ্ধনা জনায় দলৰ নেতা-কৰ্মীসকলে৷ সংগীত শিল্পীগৰাকীয়ে নিজৰ জীৱন বৃত্তান্ত দাঙি ধৰি কয় যে তেওঁ কেৱল পান-তামোলৰ দোকান দিয়াই নহয়, আৰ্থিক অনাটনত পৰি নিজৰ গাৰ তেজো বিক্ৰী কৰিছিল৷ কিন্তু লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাছিল৷ তেওঁ কয়, “এটা সময়ত সকলো বিক্ৰি কৰিছো৷ গান বিক্ৰী কৰিছো, কবিতা বিক্ৰী কৰিছো, তামোল বিক্ৰি কৰিছো৷ আজিও বিক্ৰী কৰো৷ মৰাপাটৰ খেতি কৰো৷ ৰঙালাও কৰো৷ খেতিৰ উৎপাদন বিক্ৰী কৰি খাওঁ৷ কিন্তু নিজৰ স্বাভিমান বিক্ৰী কেতিয়াও কৰা নাই৷ আজি নিজৰতো বাদেই, বহুতে জাতিৰ স্বাভিমান পৰ্যন্ত বিক্ৰী কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷ জাতিৰ স্বভিমান জীয়াই ৰাখিব নোৱাৰিলে নিজে জীয়াই থকাৰ অৰ্থ নাই৷” সম্বৰ্ধনা অনুষ্ঠানত বক্তব্য ৰাখি অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই কয় যে অসমীয়া ডেকা প্ৰজন্ম চাকৰিমুখী আৰু কৰ্মৰ প্ৰতি আগ্ৰহ কম বোলা বদনামটো গুচাবৰ বাবে আত্ম-সৃষ্ট অসমীয়া উদ্যোগীসকলক স্বীকৃতি প্ৰদান আৰু উৎসাহিত কৰা প্ৰয়োজন৷ সেই উদ্দেশ্যেই দলে প্ৰতীকাত্মকবাৱে এই কাৰ্যসূচী ৰূপায়ন কৰিছে৷ ড° ভূপেন হাজৰিকাই তেওঁৰ গানত কৈ যোৱা ‘ডিগনিটী অৱ লেবাৰ’ অৰ্থাৎ শ্ৰমৰ মৰ্যাদা দিব জনা জাতিৰ কেতিয়াও মৰন নহয় বুলি ডেকাই মত প্ৰকাশ কৰে৷