আজীৱন তোমাৰেই- মানসী বৰঠাকুৰ

pc- weddingWire.in

আজীৱন তোমাৰেই

চাওঁতে চাওঁতে আমাৰ যুগ্মজীৱনৰ পাৰ হ’ল এটা বছৰ
কেনেকৈনো পলকতে পাৰ কৰিলো নাপালোঁ খবৰ।
এই এবছৰত ইজনে সিজনক আৰু বুজি পালোঁ
দুটি শৰীৰ এটি আত্মাৰ মিলনক অগ্নিক সাক্ষী কৰি ললো।
সুখে দুখে হাঁহি ফূৰ্তিৰ মাজেৰে যাম আগুৱাই,
এবছৰ দুবছৰ নহয় গোটেই জীৱন জুৰাই।
মিলিজুলী থাকিম,একেলগে হাঁহিম,একেলগে কান্দিম।
সুখেৰে জীয়াম ,আজীৱন তোমাক মোৰ অন্তৰ মাজত ৰাখিম।
আমি দুয়ো যেন পতি পত্নিতকৈও ইজনে সিজনৰ ভাল বন্ধু হোৱাটো বিচাৰোঁ।
আৰু আজীৱন হাঁহি আৰু ফুৰ্টিৰ মাজেৰে জীৱনটো যেন নিয়াব পাৰোঁ।

মানসী বৰঠাকুৰ
উত্তৰ গুৱাহাটী