আজি বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ উপলক্ষে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ শুভেচ্ছা 

pc- youtube

বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ উপলক্ষে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ  শুভেচ্ছা

বাৰ্তাসেৱা- অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যখনৰ জনসাধাৰণক, বিশেষকৈ বুদ্ধ পূৰ্ণিমা উপলক্ষে বৌদ্ধ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জনাইছে।এক বাৰ্তাত অধ্যাপক মুখীয়ে কয়, “বুদ্ধ জয়ন্তীৰ পৱিত্ৰ উপলক্ষে মই অসমৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জনাইছো। এই দিনটো ভগৱান গৌতম বুদ্ধৰ বাৰ্তা আৰু প্ৰচাৰৰ অনুসৰণ আৰু প্ৰচাৰৰ সংকল্প লোৱাৰ এক উদ্দেশ্য হওঁক”।

ৰাজ্যপাল অধ্যাপক মুখীয়ে ও জনসাধাৰণক গৌতম বুদ্ধৰ মতবাদ বিয়পাবলৈ আৰু বুদ্ধৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি সমাজশক্তিশালী কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যপালে সকলোকে সামূহিক উপাসনা পৰিহাৰ কৰিবলৈ আৰু তেওঁলোকৰ ঘৰত থাকি  প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।