আজি বিশ্ব ধপাত বিৰোধী দিৱসত ৰাজ্যপালৰ বাৰ্তা

আজি বিশ্ব ধপাত বিৰোধী দিৱসত ৰাজ্যপালৰ বাৰ্তা

আজি বিশ্ব ধপাত- বিৰোধী দিৱস উপলক্ষে এক বাৰ্তাত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সকলোকে যিকোনো প্ৰকাৰে ধপাত সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।ৰাজ্যপালগৰাকীয়ে কয়, “এই বছৰ বিশ্ব ধপাত বিৰোধী দিৱস ধপাত ত্যাগ কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়বস্তুৰ ওপৰত পালন কৰা হৈছে সেয়া অতি উপযুক্ত যিয়ে জনসাধাৰণক ধপাত সেৱনৰ পৰা বিৰত থাকিবলৈ অনুপ্ৰাণিত কৰিব “।

অধ্যাপক মুখীয়ে কয়, “সুস্বাস্থ্য বজাই ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱা, স্বাস্থ্যৱান চিন্তা কৰা, স্বাস্থ্যৱান অনুভৱ কৰা আৰু সৰ্বোপৰি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যিকোনো ধপাত জাতসামগ্ৰীৰ প্ৰতি আসক্তি থকা উচিত নহয়। স্বাস্থ্য উপভোগ কৰিবলৈ আমি ধপাতক না কওঁ আহক।” তেওঁ আৰু কৈছিল যে যুৱসকলক কোনো ধৰণৰ ধপাত নোখোৱাৰ কাৰণত নিৰ্দেশনা দিব লাগে আৰু স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ ক্ষমতা প্ৰদান কৰিব লাগে।

ৰাজ্যপালগৰাকীয়ে লগতে কয়, “মই যুৱক-যুৱতীসকলক যোগ, ক্ৰীড়া, ধ্যান আৰু বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়ামত নিজকে নিয়োজিত কৰিবলৈ আৰু ধপাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো।