আজি পৃথিৱী সৌৰ ধুমুহাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা

pc News Next.jpg

অনলাইন বাৰ্ত্তাসেৱা – আজি পৃথিৱী সন্মুখীন হ’ব পাৰে সৌৰ ধুমুহাৰ। প্ৰতি ঘণ্টাত ১.৬ নিযুত কিলোমিটাৰ বেগত গতি কৰা সৌৰ বতাহে আজি পৃথিৱীত আঘাত কৰিব বুলি আশা কৰা হৈছে আৰু ই জি.পি.এছ. আৰু ‘হাই-স্পিড’ ইণ্টাৰনেটত প্ৰভাৱ পেলাব পাৰে। সূৰ্যৰ বায়ুমণ্ডলত এটা ছিদ্ৰ মুকলি হোৱাত আধানযুক্ত কণা আৰু উচ্চ-গতিৰ সৌৰ বতাহৰ এটা সোঁত সৃষ্টি হৈছিল। এই সৌৰ ফ্লেয়াৰবোৰ হৈছে সূৰ্যৰ পৃষ্ঠত হোৱা বিস্ফোৰণ যি তাৰ পিছত পোহৰ, উচ্চ গতিৰ কণা আৰু শক্তি মহাকাশলৈ মুকলি কৰে। এই বছৰৰ প্ৰথমটো দেখা গৈছিল ৩ জুলাইত।

(UD.)