আজিৰ মানৱতা বন্দী ম’বাইলৰ ৰেকৰ্ডিঙত- গোপাল জালান

Pc lampungpost.id

হায় সভ্য সমাজ…

মানৱৰ্তাও গচকা হয় ভৰিৰে

আজিৰ মানৱতা বন্দী ম’বাইলৰ ৰেকৰ্ডিঙত

গোপাল জালান

যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰত এদল উন্মাদ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে অনিমেষ ভূঞা নামৰ এজন নিৰীহ সুঠাম ছাত্রনেতাক। এটা সামান্য দুর্ঘটনাক কেন্দ্র কৰি সংঘটিত হ’ল মানৱ জাতিক লজ্জানত কৰা এটি ঘটনা। তিনিজন যুৱকক অর্ধশতাধিক উন্মাদ লোকে মৰিয়াই মৰিয়াই থকা দৃশ্য দেখিও কোনো লোক আগবাঢ়ি নাহিল বাধা দিবলৈ। দুই-এজন আৰক্ষীয়ে চেষ্টা কৰিলে যদিও প্রতিহত কৰিবলৈ সক্ষম নহ’ল। যুৱক তিনিজনে পৰিচয় দিয়াৰ পাছতো উন্মাদ লোকে নির্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা ম’বাইলত ৰেকৰ্ডিং কৰা লোক ওলাল যদিও আশ্চর্যজনকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ নাহিল। এখন সভ্য সমাজৰ বাবে ইয়াতকৈ আৰু কি নির্লজ্জ ঘটনা হ’ব পাৰে। এতিয়া কাৰোবাৰ মৃত্যুতকৈ ডাঙৰ হৈছে কোনো লোকে ম’বাইলত ৰেকৰ্ডিং কৰি সেয়া সামাজিক মাধ্যমত প্ৰচাৰ কৰাটো। ‘মৰেল পুলিচ’ৰ ঘটনা ৰাজ্যখনত এয়াই প্রথম নহয়। কিছুবছৰ পূৰ্বে কাৰ্বি আংলঙত অভি-নীল হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কি কাৰণে কোনে হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়াও ৰাজহুৱা নহ’ল। ইপিনে, ২০১৯ চনত যোৰহাটতে হত্যা কৰা হৈছিল ডাঃ দেবেন দত্ত নামৰ মানৱ দৰদী চিকিৎসকজনক। মৰিয়নিত হত্যা কৰা হৈছে দেৱাশিষ গগৈ নামৰ এজনক। এনেবোৰ ঘটনা দেখিলে মনত এটি প্রশ্ন জাগি। উঠে– সভ্যতাৰ চৰম শিখৰত উপনীত হোৱা মানব সমাজত এনেধৰণৰ নৃশংস হত্যাকাণ্ড সংঘটিত হ’বলৈ পালে কেনেকৈ? এয়া পৈশাচিক আচৰণ নে এনে ঘটনাৰ আঁৰত থাকি যায় তৃতীয় শক্তির হাত থাকিব পাৰে।

যোৰহাটৰ ঘটনাটো প্রত্যক্ষ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে এতিয়া মানুহৰ জীৱনতকৈও বেছি মূল্যৱান বুলি গণ্য কৰে ম’বাইলত কৰা ৰেকৰ্ডিং। এজন নিৰীহ যুৱকক দল এটাই নির্মমভাৱে প্ৰহাৰ কৰাৰ পাছতো একাংশ লোকে ম’বাইলত ঘটনাটো ৰেকৰ্ডিং কৰাতে ব্যস্ত থাকিল। তাত কিমানজন লোকে ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল সেই জ্ঞান নহয় যদিও এটা কথা ঠিক যে যিসকলে ৰেকৰ্ডিঙত ব্যস্ত আছিল তেওঁলোকৰ ভিতৰত এজনেও যদি আৰক্ষীক ফোন কৰি জনালেহেঁতেন, তেনেহ’লে হয় অনিমেষৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ হ’লহেঁতেন। ঘটনাটো প্রত্যক্ষ কৰি মনত এনে এটি ভাব হৈছে যে আজিৰ মানৱতা ভুলুণ্ঠিত হৈছে। মানৱতা বন্দী হৈছে ম’বাইলৰ ৰেকৰ্ডিঙত। সকলোৱে সেই নিৰ্মৰ্ম প্ৰহাৰৰ ঘটনা চিনেমাৰ দৰে উপভোগ কৰিছে। সেইসকলৰ ভিতৰত দহজনমানেও যদি উদও দলটোক বুজনি দিলেহেঁতেন নিশ্চয় অনিমেষৰ জীৱন ৰক্ষা পৰিলহেঁতেন। এই ঘটনাই প্ৰমাণ কৰিলে যে এতিয়া মানৱতাও পণ্য হৈছে। এতিয়া মানুহেই মানুহৰ প্ৰধান শত্ৰু হৈ পৰিছে। কোনোধৰণৰ বিচাৰ নকৰাকৈ এজন নিৰীহ যুৱকৰ ওপৰত হিংস্র জন্তুৰ দৰে জঁপিয়াই পৰাৰ পাছতো কোনো এজন লোকেই বাধা দিবলৈ আগবাঢ়ি নাহিল কিয় সেয়াহে এক চিন্তনীয় বিষয়।

মানুহে মানুহৰ জীৱন লোৱাৰ অধিকাৰ নাই। কাৰণ কোনোৱে কাকো জীৱন দান কৰিব নোৱাৰে। যদি কোনোবাই দোষ কৰিছে তেনেহ’লে তেওঁক শাস্তি দিবলৈ আইন আদালত আছে। আইন কোনোৱে হাতত তুলি লোৱাৰ অধিকাৰ নাই। ঘটনাৰ প্ৰকৃত কাৰণ নজনাকৈ দোষ-গুণ বিচাৰ নকৰাকৈ প্ৰহাৰ কৰা, হত্যাকাণ্ড সংঘটিত কৰাটো কিমান যুক্তিসংগত। এতিয়া যদি ৰাস্তাত কোনো লোক বিপদত পৰে তেতিয়া সহায়ৰ হাত আগবঢ়াবলৈ যোৱাটোও বিপজ্জনক হৈ পৰিব। কাৰণ যোৰহাটৰ ঘটনাই সেই কথাকে প্রতিপন্ন কৰিছে। সাধাৰণতে বহুতো অসহায় লোকক সহায়ৰ হাত আগবঢ়াবলৈ যোৱা লোকসকলে কেতিয়াও ভাবি নাচায় যে তেওঁ বিপদত পৰিব। কাৰোবা সহায় কৰিবলৈ, কোনোৱে সহায়ৰ বাবে আগবাঢ়ি নাযাব গৈ প্ৰাণ হেৰুৱাব লাগিব। যদিহে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ থাকে তেনেহ’লে কোনোৱে সহায়ৰ বাবে আগবাঢ়ি নাযাব।

বিগত পাঁচ বছৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত মৰেল পুলিচৰ ঘটনা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। অভি-নীলৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল। ইয়াৰ পাছত যোৰহাটৰ চিকিৎসক দেবেন দত্তক এদল উন্মাদ লোকে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ প্রতিক্রিয়া মাৰ নাযাওঁতেই সংঘটিত হ’ল আন এক হত্যাকাণ্ড। এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ লগে লগে হত্যাকাৰীক ফাঁচী দিয়াত সৰৱ হৈ পৰে দল-সংগঠন, ব্যক্তি আদি। পিছে সময় বাগৰাৰ লগে লগে হত্যাকাণ্ডৰ তদন্তৰ গতি গেঠেলা মাৰে। এনে পৰিয়ালৰ লোকে ন্যায় বিচাৰি মাথোঁ অপেক্ষাহে কৰিব লাগে। অভি-নীলৰ পৰিয়ালটোৱে আজিও ন্যায়ৰ অপেক্ষাতে আশা কৰি থাকিবলগীয়া হৈছে।

‘ম’ৰেল পুলিচৰ বিৰুদ্ধে ৰাইজ সজাগ হ’ব হ’ল। কাৰণ এতিয়াই যদি সজাগতাৰ সৃষ্টি কৰা নহয় তেতিয়াহ’লে এদিন প্ৰতিটো পৰিয়ালে এনে পৰিস্থিতিৰ বলি হ’ব। মানুহৰ মনৰ পৰা ‘দানৱীয়’ ৰূপটোক আঁতৰ কৰিবই লাগিব। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিলেহে সমাজত এনে অপৰাধীৰ সংখ্যা হ্রাস পাব।

সমাজত নৰপিশাচৰ সংখ্যা বৃদ্ধি হ’লে অশান্তিও বাঢ়িব। তেতিয়া মানৱতাৰ বাবে হাঁহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব। মানৱতা ধন-সোণেৰে কিনিব নোৱাৰি। ইয়াক অন্তৰত জাগ্রত কৰিব লাগিব। সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে দায়িত্ব আছে শান্তি-শৃংখলা বৰ্তাই ৰখাত। সকলোৱে নিজৰ গাত চিকুটি চাব লাগিব। আনৰ পৰিয়ালৰ কোনো সদস্যক হেৰুৱালে যদি উপলব্ধিও নকৰে তেনেহ’লে নিজৰ দিনা হ’লে আনে জানো বুজি পাব? প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানক ভাল নাগৰিক হ’বলৈ শিক্ষা দিয়ক। শিক্ষাগুৰুসকলেও ছাত্ৰ-ছাত্ৰীক নম্বৰ লাভৰ শিক্ষা দিয়াৰ পৰিৱৰ্তে চৰিত্ৰ গঠনৰ ওপৰতো সমানেই গুৰুত্ব দিয়া। উচিত। মদপী পিতৃক বচাবলৈ নিৰীহক হত্যা কৰা শিয়াল-কুকুৰৰ দৰে সন্তানক জন্ম নিদিয়াই ভাল। যি পিতৃয়ে সন্তানক গুণ্ডাগিৰি কৰিবলৈ ৰাজপথলৈ মাতি আনে তেনে পিতৃক সামাজিকভাৱে বৰ্জন কৰক। ৰাইজ, এনে ব্যক্তিক চিনাক্ত কৰি আৰক্ষী-প্ৰশাসনক অৱগত কৰক- যাতে আৰক্ষীয়ে উপযুক্ত পদক্ষেপ গ্রহণ কৰিব পাৰে। ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ উদগনি দিয়া পিতৃক সমাজৰ প্ৰয়োজন নাই। এনে লোকৰ বাবে কঠোৰ শাস্তিয়ে হ’ব একমাত্ৰ পুৰস্কাৰ।