আজিৰ পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ সেৱা

pc-theindianexpress

অনলাইন বাৰ্ত্তাসেৱা-  আজিৰ পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ সেৱা।কোভিড পৰিস্থিতিৰ বাবে ৫০ শতাংশ লোকেৰে আৰম্ভ হয় এই সেৱা।যাত্ৰী সকলে পালন কৰিব লাগিব কোভিড বিধি।বৃদ্ধি কৰা হৈছে যাত্ৰীৰ ভাড়া।পূৰ্বে অহা বা যোৱাৰ বাবে যাত্ৰীৰ ভাড়া আছিল ৬০ টকা, কিন্তু সেই ভাড়া ১০০টকালৈ বৃদ্ধি কৰা হৈছে।আনহাতে পূৰ্বে অহা-যোৱাৰ বাবে ১০০ টকা ভাড়াৰ ঠাইত ১৫০ টকালৈ বৃদ্ধি কৰা হৈছে।শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বাহাল থাকিব পূৰ্বৰ ভাড়া।