আজিৰ কবিতাৰ বৰ্ষপূৰ্তি অনুষ্ঠান

আজিৰ কবিতাৰ বৰ্ষপূৰ্তি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ কবিতা’ ফেচবুক গোটৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো মহানগৰীৰ কাছাৰীস্থিত বুৰঞ্জী আৰু পূৰাতাত্বিক বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷অনুষ্ঠানৰ লগত সংগতি ৰাখি কুঁহি পাব্লিকেশ্বনৰ দ্বাৰা প্ৰকাশিত ও মুখ্য সম্পাদক ব্ৰজেন কাকতিৰ দ্বাৰা সম্পাদিত ‘আজিৰ কবিতা’ ফেচবুক গোটৰ এখনি কাব্য সংকলনখন বিশিষ্ট কবি নীলিম কুমাৰ আৰু কবি গৌতম মালাকাৰৰ দ‌্বাৰা ৰচিত কবিতা পুথি ’গোপন কষ্টৰ চিঠি’ অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক  অচ্যুত কুমাৰ পাটোৱাৰীয়ে উন্মোচন কৰে৷কবি ব্ৰজেন কাকতিয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কবি,অধিবক্তা শ্যামল সুন্দৰ গোস্বামীয়ে,শ্বহীদ তৰ্পন কৰে কবি হিতেশ গোস্বামীয়ে৷অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই ভাষণত কয়- পৃথিৱীৰ প্ৰতিজন মানুহে একো একোজন কবি৷মানুহে কবিতা,জীয়াই থকাটো কবিতা,জীৱনে কবিতা৷প্ৰত্যেক লেখকৰ সাহিত্য জীৱন আৰম্ভ হয় কবিতাৰ মাজেৰে৷সাৰ্থক কবিতা লিখা ইমান সহজ নহয়৷কবিৰ পৰা শিকিবলগীয়া বহুত কথা থাকে৷নক্ষত্ৰ কাকতি আৰু আৰতী দেৱীয়ে কবিতা আবৃত্তি কৰে৷সদৌ অসম ভিত্তিত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাৰ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়৷