আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ মঞ্চস্থ

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ মঞ্চস্থ

গুৱাহাটী, জানুৱাৰী : আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ নামৰ এখনি আলেখ্য মঞ্চস্থ কৰা হয়।

‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ৰ জৰিয়তে বৃটিছ ঔপনিবেশিকতাৰ বিৰুদ্ধে দেশৰ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰা অসমৰ স্বাধীনতা যুঁজাৰুসকলৰ অদম্য স্বাধীনতা স্পৃহা উপস্থাপন কৰা হয় ।

ৰবীন্দ্ৰ ভৱনত এক অনুষ্ঠানত আলেখ্যখনি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই। অনুষ্ঠানত তথ্য, জনসংযোগ, লেখন আৰু মুদ্ৰণ সামগ্ৰী বিভাগৰ অতিৰিক্ত সচিব অৰুন্ধতী চক্ৰৱৰ্তী, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰা, অতিৰিক্ত সঞ্চালক প্রদীপ ব্ৰহ্ম আৰু অন্যান্য সকল উপস্থিত থাকে। এই আলেখ্যখনি পৰিকল্পনা আৰু পৰিচালনা কৰে অনুপজ্যোতি চৌধুৰীয়ে।