আছাম টেনান্সি এক্ট ২০২১ গৃহীত

pc-Northeast Now

আছাম টেনান্সি এক্ট ২০২১ গৃহীত

অনলাইন বাৰ্ত্তাসেৱা– ভাড়া ঘৰৰ মালিক আৰু ভাড়াতীয়াসকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমে গৃহীত কৰিছে আছাম টেনান্সি এক্ট ২০২১৷ ইয়াৰ জৰিয়তে যিকোনো চৌহদ ভাড়ালৈ দিয়াৰ প্ৰক্ৰিয়াটো সংশি¡ষ্ট কতৃৰ্পক্ষই নিয়ন্ত্ৰণ কৰিব৷ এই আইনখন গৃহীত কৰাৰ ফলস্বৰূপে পূৰ্বৰ অসম নগৰাঞ্চল ভাড়া নিয়ন্ত্ৰণ আইন, ১৯৭২ খন বাতিল হৈ পৰিছে৷ এই আইনখনৰ অধীনত জিলা পৰ্যায়ত স্থাপন হ’বলগীয়া ভাড়া কতৃৰ্পক্ষ, ভাড়া আদালত আৰু ভাড়াৰ উচ্ছতৰ আদালতে মালিকপক্ষ আৰু ভাড়াতীয়াসকলৰ মাজৰ বিবাদ নিস্পত্তিৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব৷ আইনখনৰ জৰিয়তে চৌহদৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত মালিক আৰু ভাড়াতীয়াসকলৰ দায়িত্ব সম্পৰ্কেও স্পষ্ট কৰি দিয়া হৈছে৷ চৌহদ এটাৰ ভাড়া নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো কৃত্ৰিম ওপৰঞ্চি নিয়ম প্ৰযোজ্য নহʼব৷ একেদৰে এটা ভৱনৰ ভাড়া মালিক আৰু ভাড়াতীয়াৰ মাজৰ বুজাবুজিৰ দ্বাৰা বজাৰ দৰৰ ভিত্তিত নিৰ্ধাৰণ কৰা হʼব৷