আচ্ছাদন- মানসী মিশ্ৰ

PC Shutterstock

আচ্ছাদন

মানসী মিশ্ৰ

আকৌ যেন বিলুপ্তি
কেইটিমান মৰমী ক্ষণৰ
সময় হয়তো এনেকুৱা ই
এইদৰেই আহে দুভৰিত জুনুকা পিন্ধি
কাৰোবাক হহুৱায়,হয়তো কাৰোবাক কন্দুৱায়
সেইবাবেই ইমান আপুৰুগীয়া নেকি তুমি
হে সময় ! কিয় হেৰাই যোৱা তুমি
কুঁৱলী ৰ আচ্ছাদনৰ মাজত
কিয় বিলীন হোৱা তুমি প্ৰতিটো বৰ্ষৰ
সেই বিশেষ ক্ষণটোত
হেজাৰজনৰ ,লক্ষজনৰ কণ্ঠৰে
ভাঁহি অহা সেই চিনাকি কিৰিলী ৰ মাজত
মনত নপৰে নে তোমাৰ,সেই চিনাকি আহ্বান বোৰলৈ
হে সময়! তুমি ঠিক তোমাৰ দৰেই
নোৱাৰি বান্ধিব তোমাক ,নোৱাৰি ৰাখিব তোমাক
হয়তো তুমি সদায় তোমাতেই বিলীন
সৌ নিৰবধী নৈ খনৰ চঞ্চলা পানী খিনি ৰ দৰেই।